1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:05 am

২৫ডিচেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি! এতিয়াৰে পৰা অসমত অগৰ, চন্দন গছ কাটিব বা বিক্ৰীৰ বাবে ল’ব নালাগে বন বিভাগৰ অনুমতি…

  • Update Time : Sunday, February 20, 2022

ডিজিটেল ডেস্কঃ দেওবাৰৰ কেবিনেটৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এখনি সংবাদমেলৰ৷ সংবাদমেল সম্বোধন কৰি ডঃ শৰ্মাই কয়- অহা ২৫ডিচেম্বৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা দুটা প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে কাজিৰঙাতো জীপ চাফাৰী কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ২৫ডিচেম্বৰৰ দিনা কামৰূপত হব লগা আলাবৈ ৰণৰ ৱাৰ মেমৰিয়েল আৰু যোৰহাটৰ সমীপত থকা লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ খনি নতুনকৈ সজাই পৰাই তোলা প্ৰকল্পৰ শুভ উদ্ধোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ২৬ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লব৷ সেই দিনাই বিয়লি কাজিৰঙাত উপস্থিত হৈ জীপ চাফাৰীৰ লগতে কাজিৰঙাত এক বিশেষ বৈঠকতো মিলিত হব৷ ২৭ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকী পুনৰ ঘূৰি যাব নতুন দিল্লীলৈ৷

দেওবাৰৰ কেবিনেটত বুঢিদিহিং আৰু বেকী নদীৰ দুটা বান নিয়ন্ত্ৰণ আৰু সংৰক্ষণ প্ৰকল্পৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷ এই দুখন নদীৰ এই প্ৰকল্পৰ বাবে বিশ্ব বেংকে আদায় দিব ধন৷ প্ৰায় ৮০০কোটি এই প্ৰকল্পৰ বাবে ব্যয় কৰিব ৰাজ্য চৰকাৰে৷

মঙলদৈ হব লগা স্কীল ইউনিভাৰছিটিখনৰ বাবে আজিৰ কেবিনেটে ১হাজাৰ ১৬কোটি টকা আদায়ৰ বাবে অনুমোদন জনায়৷

বনবিভাগৰ সংৰক্ষিত এলেকাৰ বাহিৰত থকা আম, জামুন, অগৰ, চন্দন, বাহ, কঠাল , শিমলু, কদম আজি গছৰ কাটিব বা বিক্ৰী কৰিবৰ বাবে বন বিভাগৰ অনুমতি লোৱাৰ বাবে প্ৰয়োজন নাই৷ পূৰ্বতে এনে কাম কৰিবৰ বাবে বনবিভাগৰ পৰা অনুমতি লোৱাৰ এক নিয়ম আছিল৷

এ পি এছ চি পৰীক্ষাৰ ক্ষেত্ৰতো এক বিশেষ সংস্কাৰ গ্ৰহণ কৰে আজিৰ কেবিনেটে৷ এতিয়াৰে পৰা বছৰটোত বাৰে বাৰে পৰীক্ষা দি থাকিব নালাগে পৰীক্ষাৰ্থীয়ে৷ আজি ৪৮টা নতুন পদ এ পি এছ চিৰ সৈতে সংলগ্ন কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme