1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:37 am

বাছ ড্ৰাইভাৰৰ পুত্ৰ য়শঃ এতিয়া চলাই ৪০কোটি টকাৰ গাড়ী…

  • Update Time : Friday, April 22, 2022

ডিজিটেল ডেস্কঃ ধৈৰ্য, কষ্ট আৰু একাগ্ৰতা হৈছে সফলতাৰ মূল আধাৰ। এই আধাৰক সৰোগত কৰিয়েই সফল হৈছে বহুজন। মহান আৰু সফল ব্যক্তিৰ আঁৰত এই তিনিটা কাৰকেই থাকে। শেহতীয়াকৈ দক্ষিণৰ ছবি কে জি এফ-২ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা য়শক লৈও এক বিশেষ চৰ্চা আৰম্ভ হৈছে। ছবিখনে সকলো অভিলেখ ভংগ কৰি নতুন এক অভিলেখ গঢ়াৰ ফালে আগবঢ়াৰ লগে লগে য়শক লৈ চৰ্চা আৰু অধিক তীব্ৰতৰ হৈছে।

চৰ্চা হৈছে য়শৰ সংগ্ৰাম আৰু একাগ্ৰতাক লৈ। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি ভাৰতীয় ছবিজগতৰ এগৰাকী সফল অভিনেতা হোৱাৰ আঁৰত য়শৰ কষ্ট আজি সকলোৱে উপলদ্ধি কৰিছে। এগৰাকী বাছ চালকৰ পুত্ৰৰ পৰা আজি এই পৰ্যায়লৈকে কৰা যাত্ৰা কিমান কঠিন হব পাৰে সেয়া আমি এতিয়া কেৱল উপলদ্ধিহে কৰিব পাৰো। কিন্তু অভিনেতা য়শে এই সকলোখিনি পাৰ কৰি আহি আজি নিজৰ বাবে সৃষ্টি কৰিছে এখন সুকীয়া আসন।

সাধাৰণ পৰিয়ালত জন্ম হলেও য়শৰ সপোনবোৰ আছিল ডাঙৰ। তাৰ বাবে কৰিছিল বহু কষ্ট। আৰু সেই কষ্টৰে আজি প্ৰতিদান পাইছে অভিনেতাজনে। নিজৰ ১৪বছৰীয়া ফিল্মী কেৰিয়াৰত ১১খন হিট ফিল্ম উপহাৰ দিছে য়শে। ১৯৮৬চনত কৰ্ণাটকত জন্ম হৈছিল য়শৰ। ২০২১চনত য়শে পৰিয়ালৰ সৈতে এটা নতুন ঘৰ কিনিছিল। সেই ঘৰটোৰ মূল্য আছিল প্ৰায় ৪.৫০টকা। প্ৰায় ৪০কোটি টকাৰ মূল্যৰ ৫খন বিলাসী গাড়ী আছে য়শৰ।

কে জি এফ প্ৰথম খণ্ডৰ বাবে য়শে ৬কোটি টকা মাননি লৈছিল আৰু কে জি এফ-২ৰ বাবে ৩০কোটি টকাৰ মাননি লৈছে য়শে। বৰ্তমান প্ৰতিখন ছবিৰ বাবে ২০-২৫কোটি টকাৰ মাননি লয় অভিনেতা য়শে। বৰ্তমান প্ৰায় ৫০কোটি টকাৰ মালিক হৈছে য়শ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme