ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে ২০২২-২৩ বাজেটে কঢ়িয়াইছে সু-খবৰ৷ কৰ’নাসৃষ্ট পৰিবেশৰ সময়ত যুৱক-যুৱতী সকলে নিয়োগ সুবিধাৰ ক্ষেত্ৰত বহু ক্ষতিগ্ৰস্ত হৈছে৷ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা পূৰ্ণাংগ বাজেটত নতুনকৈ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে৷
কি কি বিভাগত পষ্ট খালী হৈছে?
গৃহ বিভাগ-
অসম আৰক্ষী উপ পৰিদৰ্শক (ইউ বি)- ৩০৬ টা পদ
কামাণ্ডো বেটেলিয়েনৰ উপ পৰিদৰ্শক (এ বি)- ৩২০ টা পদ
ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনৰ অসামৰিক প্ৰতিৰক্ষাৰ |সহকাৰী উপ নিয়ন্ত্রক (কনিষ্ঠ)- ১০ টা পদ
অসামৰিক প্ৰতিৰক্ষা ডেমনষ্ট্রেটৰ (উচ্চতৰ মাধ্যমিক তথা ফিজিকেল ইনষ্ট্রাক্টৰৰ প্ৰমাণ পত্ৰ)- ৪২
ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত ষ্ট’ৰমেন- ০২ টা পদ
এ পি আৰ অ’ত কনিষ্টবল তথা সহকাৰী স্কোৱাড কমাণ্ডাৰৰ ৫ টা পদ আৰু এফ এণ্ড ই সমূহত ১২ টা ড্ৰাইভাৰ- ৪৮৭ টা পদ
কনিষ্টবল (ইউ বি)- ২৩৯১ টা পদ
কনিষ্টবল (এ বি)- ৪২৭১ টা পদ
কনিষ্টবল (এ পি আৰ অ’)- ৮১৩ টা পদ
কনিষ্টবল (অগ্নি নির্বাপন আৰু জৰুৰী সেৱা)- ৭৮৮ টা পদ
ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত কনিষ্টবল/গার্ডছমেন- ৭৫৪ টা পদ
ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনস্থ এ আই এছ এফত কনিষ্টবল (কেৱল এছ পি অ’)-১৫৪ টা পদ
ডি জি চি ডি তথা চি জি এইচ জিৰ অধীনত প্লাটুন কমাণ্ডাৰ-৪০ টা পদ
এ পি আৰ অ’ত উপ পৰিদৰ্শকৰ ৬৮ টা পদ- ৮৩ টা পদ
বিভিন্ন বিভাগত কনিষ্ঠ সহায়ক তথা ষ্টেন’গ্ৰাফাৰ- ৩৫৮ টা পদ
কমাণ্ডো বেটেলিয়নৰ বাবে কনিষ্টবল (ডব্লিউ অ’/ডব্লিউ টি/ চি ৱাই)- ৭০ টা পদ
কাৰাগাৰ বিভাগত সহকাৰী জেইলৰ- ৩২ টা পদ
কাৰাগাৰ বিভাগত জেইল ৱাৰ্ডাৰ- ২৫৩ টা পদ
অসম আৰক্ষীত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৫৩৩ টা পদ
কমাণ্ডো বেটেলিয়নত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৩৬০ টা পদ
ডিজি চি ডি তথা চি জি এইচ জিৰ অধীনত হাবিলদাৰ- ২ টা পদ
ফিজিঅ’থেৰাপি- ১ টা পদ
নিযুক্তিৰ বাবে পি এছ টি এণ্ড পি ই টি- ৭০৫ টা পদ
কনিষ্টবল (এ বি)- ১৪২৯ টা পদ
পি এছ টি তথা পি ই টি কনিষ্টবল (এ বি) – ২৪৫০ টা পদ
প্রাথমিক শিক্ষা বিভাগ
নিম্ন প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক- ৭২৪২ টা পদ
উচ্চ প্রাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক- ১৭১৯ টা পদ
উচ্চ প্রাথমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক- ৩০৭ টা পদ
উচ্চ প্রাথমিক বিদ্যালয়ত অসমীয়া ভাষা শিক্ষক-৬০ টা পদ
উচ্চ প্রাথমিক বিদ্যালয়ত মণিপুৰী ভাষা শিক্ষক- ২৬ টা পদ
উচ্চ প্রাথমিক বিদ্যালয়ত হিন্দী শিক্ষক- ৬৪৬ টা পদ
কাৰিকৰী শিক্ষা
অভিযান্ত্রিক মহাবিদ্যালয়ত সহকাৰী অধ্যাপক (কাৰিকৰী আৰু ১০৩ অনা- কাৰিকৰী)- ১০৩ টা পদ
অভিযান্ত্রিক মহাবিদ্যালয়ত কর্মশালা অধীক্ষক- ৬ টা পদ
গ্রন্থাগাৰিক- ১২ টা পদ
প্রশিক্ষণ আৰু নিয়োগ বিষয়া- ০২ টা পদ
ছিষ্টেম এনালিষ্ট- ০২ টা পদ
প্রবক্তা (কাৰিকৰী আৰু অনা-কাৰিকৰী)- ১৩১ টা পদ
পলিটেকনিক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত জ্যেষ্ঠ নিৰ্দেশক- ৪০ টা পদ
এছ চি ই আৰ টি সঞ্চালকালয়
প্রবক্তা- ১২৮ টা পদ
কাৰ্যসূচী আৰু স্ক্রীপ্ট ৰাইটাৰ- ০২ টা পদ
তৃতীয় বর্গ- ৫৫ টা পদ
চতুৰ্থ বৰ্গ- ৯৪ টা পদ
মাধ্যমিক শিক্ষা
শিক্ষক- ৯৩৬০ টা পদ
তৃতীয় বর্গ- ১৩১৮ টা পদ
চতুৰ্থ বৰ্গ- ২৮৯০ টা পদ
উচ্চ শিক্ষা
সহকাৰী অধ্যাপক- ৯৩৫ টা পদ
তৃতীয় বর্গ- ৩২৭ টা পদ
চতুৰ্থ বৰ্গ- ৬২৯ টা পদ
শিক্ষা (সকলো বিভাগ আৰু সঞ্চালকালয়) সৰ্বমুঠ ২৬০৩৮ টা পদ
স্বাস্থ্য বিভাগ
ষ্টাফ নাৰ্ছ (ক্রিটিকেল কেয়াৰ)- ১০২৪ টা পদ
ষ্টাফ নাৰ্ছ- ৪৯৮ টা পদ
তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনাকাৰিকৰী)- ২২৫ টা পদ
তৃতীয় বৰ্গৰ কৰ্মচাৰী (কাৰিকৰী)- ১৫৮ টা পদ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১৮৮ টা পদ
স্বাস্থ্য শিক্ষা সঞ্চালকালক
তৃতীয় বৰ্গৰ কৰ্মচাৰী (কাৰিকৰী)- ২৫৭ টা পদ
তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ১২৭ টা পদ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১৮৮ টা পদ
আয়ুষ সঞ্চালকালয়
তৃতীয় বৰ্গৰ কৰ্মচাৰী- ১৩ টা পদ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ৪৩ টা পদ
স্বাস্থ্য সেৱা সঞ্চালকালয়
তৃতীয় বৰ্গৰ কৰ্মচাৰী- ৯০৭ টা পদ
কাৰিকৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ৬২১ টা পদ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ১১৯২ টা পদ
স্বাস্থ্য সেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)
তৃতীয় বৰ্গৰ কৰ্মচাৰী কাৰিকৰী- ১৬৬ টা পদ
তৃতীয় বৰ্গৰ কৰ্মচাৰী (অনা-কাৰিকৰী)- ১৬ টা পদ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী- ২৫ টা পদ
খাদ্য সুৰক্ষা আৰু ঔষধ আয়ুক্ত
ঔষধ পৰিদৰ্শক- ২২ টা পদ
খাদ্য সুৰক্ষা বিষয়া- ৩৮ টা পদ
আনহাতে পৰিবেশ তথা বন বিভাগত সৰ্বমুঠ ২১৪৮ টা পদ থকা বুলিও উল্লেখ কৰিছে বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত৷