1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:13 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বিটিআৰত ২২লাখ অবড়ো হ’ব ভূমিহীন!

  • Update Time : Wednesday, May 10, 2023

ডিজিটেল ডেস্ক: প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে ২৪ ঘণ্টাৰ ভিতৰত যদিহে মাটি কিনা বেচা সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা বাতিল নকৰে তেন্তে বিটিচি পৰিষদৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব৷

আজি বাক্সা জিলাৰ মুছলপুৰত এক সংবাদমেল সম্বোধন কৰি এই হুংকাৰ প্ৰদান কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে৷ সংবাদমেলত জোন দাসে কয় যে বিটিচি পৰিষদে গ্ৰহণ কৰা প্ৰস্তাৱ বিটিআৰত বসবাস কৰা ২২ লাখ অনাবড়ো লোকক ভূমিহীন কৰাৰ এক চক্ৰান্ত৷

অনাবড়ো লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ এক ষড়যন্ত্ৰ ৷ অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে কয় যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সংবাদমেলৰ জড়িয়তে ৰাইজক জানিব দিলেও সেয়া সঁচা নহয় ৷ তেওঁলোকে সদায়ে মুখেৰে এটা কয় আৰু হাতে কামে আন এটা কৰি আহিছে ৷

এই সন্দৰ্ভত পৰিষদখনে কি কৰি আছে সেই তথ্য মোৰ লগত আছে ৷ তেওঁ কয় যে বিটিচিৰ ট্ৰাইবেল বেল্টৰ ভিতৰত অজনজাতীয় লোকে বসবাস কৰাক লৈয়ে বিটিচিত এখন নাটক চলি আছে৷ এইক্ষেত্ৰত ট্ৰাইবেল সংগঠনৰ লগত আলোচনা কৰাৰ লগতে অজনজাতীয় সংগঠনৰ লগত আলোচনা কৰি কিয় সমস্যাটো সমাধান কৰিব নোৱাৰে বুলিও প্ৰমোদ বড়োক প্ৰশ্ন উত্থাপন কৰে সম্পাদক জোন দাসে৷

তেওঁঁ কয় যে এয়া হৈছে বিটিআৰত বসবাস কৰা অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ এক নিকৃষ্ট কৌশল৷ কিয়নো বিগত এসপ্তাহ ধৰি বিটিচিৰ ৰাজহ বিভাগত কোনো অজনজাতীয় লোকৰ মাটি কিনা বেচা সংক্ৰান্তত কোনোধৰণৰ কামকাজ হোৱা নাই ৷ সকলো বন্ধ ৰাখিছে ৰাজহ বিভাগে৷ যদিহে বিটিআৰত সম অধিকাৰ, সম উন্নয়নৰ শ্লোগান দিয়ে তেন্তে এনে বৈষম্য কিয় ? কিহৰ বাবে অজনজাতীয় লোকৰ কাম কাজ বন্ধ কৰি নথিপত্ৰ ঘুৰাই পঠাইছে ?

তেওঁ কয় যে যদিহে চিঠাত নামজাৰি কৰিব নোৱাৰে, বা পূৰ্ৱে কৰা নামজাৰি খাৰিজ হৈ যায় তেন্তে এজন ব্যক্তিয়ে কিদৰে আয়ৰ প্ৰমানপত্ৰ অথবা ঋণ ল’ব পাৰিব ? প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে অনাবড়ো লোকসকলৰ সৈতে বিশ্বাসঘাটকতা কৰিছে। অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে বিটিআৰত মাটি কিনা-বেচা বিতৰ্ক সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়া, কাৰ্যবাহী সদস্য ঘনশ্যাম দাসকো সংবাদমেলৰ জৰিয়তে তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে এতিয়া ক’ত গ’ল সাংসদ নৱ কুমাৰ শৰণীয়া? সাংসদগৰাকীৰ সৈতে বিটিআৰৰ ২২ লক্ষ জনতাৰ আবেগ জড়িত হৈ আছে ৷ এইক্ষেত্ৰত সাংসদগৰাকীয়ে এটা স্পষ্ট ভূমিকা গ্ৰহণ কৰা উচিত৷ অনাবড়ো লোকৰ ভোটেৰে দুবাৰকৈ সাংসদ হৈ এতিয়া ৰাইজৰ সমস্যাক পিঠি দিলে নহব৷ সাংসদগৰাকীয়ে এই বিষয়ত মাত মতা উচিত ৷

সেইদৰে বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দসকো তীব্ৰ ভাষাৰে সমালোচনা কৰি জোন দাসে কয় যে অনাবড়ো লোকৰ প্ৰতিনিধি হৈয়ো কিদৰে সংসদত গ্ৰহণ কৰা এই প্ৰস্তাৱৰ বিৰোধিতা নকৰিলে ই এম গৰাকীয়ে ? কিয় মনে মনে বহি থাকিল? যি গৰাকী ব্যক্তিয়ে জাতি, মাটি আৰু ভাষাৰ কথা কৈ পৰিষদলৈ নিৰ্বাচিত হৈছিল তেনে এগৰাকী ব্যক্তিয়ে কিয় পাহৰিলে সমষ্টিবাসীৰ দুখ-দূৰ্দশাৰ কথা?

সম্পাদক জোন দাসে বিটিআৰৰ অবড়ো ৰাইজক ভুমি আৰু ভাষাৰ অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোটেৰে নৱ কুমাৰ শৰনীয়াই সাংসদ আৰু ঘনশ্যাম দাসে বিটিআৰৰ কাৰ্যবাহী সদস্য হৈছিল কিন্তু আজি অবড়ো ৰাইজৰ সকলো দুখ বেদনা পাহৰি এতিয়া ইউপিপিএল, বিজেপিৰ লগত মিতিৰালি কৰা বুলিও এক অভিযোগ উত্থাপন কৰে।

সম্পাদক গৰাকীয়ে বিটিআৰৰ মাটি কিনা-বেচাক লৈ বিটিআৰ চৰকাৰে জাৰি কৰা নিৰ্দেশ সন্দৰ্ভত ৰাইজ তথা ছাত্ৰ সংগঠন সমুহৰ লগত আলোচনা কৰি অতিশীঘ্ৰে সমস্যাটো সমাধানৰ পোষকতা কৰে৷


আনহাতে বিটিচিৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে অবড়ো সুৰক্ষা সমিতিক বিপিএফৰ বি টিম বুলি কৰা মন্তব্যক কঠোৰ সমালোচনা কৰি তেওঁ পূৰ্বৰ বিটিচি পৰিষদত ৭ গৰাকী অবড়ো সমৰ্থিত পাৰিষদ থকা স্বত্বেও বিপিএফক সমৰ্থন কৰা নাছিল বুলি মন্তব্য কৰে৷ অহা ২৪ ঘন্টাৰ ভিতৰত ৰঞ্জিত বসুমতাৰীক এই মন্তব্য উঠাই লবলৈ দাবী কৰে অবড়ো নেতা জোন দাসে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme