ডিজিটেল ডেস্কঃ এইয়া প্ৰেমেই নে? দুই প্ৰেমাস্পদৰ বিচ্ছেদৰ পিছতেই প্ৰেমিকে কৰা অদ্ভুত কাৰ্যই চকু কঁপালত তুলিছে সচেতন সমাজৰ৷ প্ৰেমতো ইমান নৃশংস হৈ উঠিব পাৰে মানুহ৷ ব্ৰেকআপৰ পিছতেই প্ৰেমিকে প্ৰেয়সীক অপহৰণ কৰি গালত আঁকি দিলে বিশেষ চিহ্ন৷ প্ৰেমিকে প্ৰেয়সীৰ গালত কাহানিও মচিব নোৱাৰাকৈ কাটি লিখিলে নিজা নাম৷
প্ৰেম সকলো সময়তে সকলোৰেই সফলেই হয় এইয়াতো কোনো ধৰাবন্ধা নহয়৷ বহুতৰ প্ৰেম বিফলো হয়৷ কিন্তু বিফলতাক লৈ আক্ৰমণাত্মক হৈ উঠাতো কিমান দূৰ সমীচিন? সামাজিক মাধ্যমত ভাইৰেল খবৰটোৱে এতিয়া সকলোকে ভাবিবলৈ বাধ্য কৰাইছে৷ এইয়া কেনেকৈ হ’ব পাৰে! প্ৰেমিকজন প্ৰেমত বিফল হৈছিল। তেওঁৰ প্ৰেমিকাই তেওঁৰ সৈতে বিচ্ছেদ কৰিছিল। সেই বিচ্ছেদৰ বাবেই প্ৰেমিকে অপহৰণ কৰি গালত এনেদৰে কাটি আঁকি পেলালে নিজা নাম৷
ঘটনাটো ব্ৰাজিলৰ ছাও-পাওলোৰ। কোয়েলহো নামৰ যুৱকজনে কেলডাছ নামৰ এগৰাকী কিশোৰীৰ প্ৰেমত পৰিছিল। কিন্তু প্ৰেম বেছিদিন নিটিকিল৷ দুয়োৰে বিচ্ছেদ হ’ল৷ কোলহোৱে এই বিচ্ছেদক সহ্য কৰিব নোৱাৰিয়েই কৰি পেলালে এই কাম৷ স্কুলৰ পৰা ঘৰলৈ কেলডাছ উভতি নহাত মাকে আৰক্ষী থানাত অভিযোগ দিয়ে৷ মাতৃৰ অভিযোগৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে প্ৰেমিকগৰাকীক৷ প্ৰেমিকক আটক কৰাৰ পিছতেই কেলডাছক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ কিন্তু কেলডাছৰ মুখমণ্ডলত থকা চিহ্নকলৈহে চিন্তিত হৈ পৰিছে কোলডাছৰ লগতে মাতৃও৷