1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:03 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

অধিক লোভেই হ’ল কাল! ৫ফ্লেট নিজৰ কৰি ল’বলৈ কি কি যে কৰা নাছিল বন্দনাই…

  • Update Time : Monday, February 20, 2023

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ আশাত কিমান নিকৃষ্ট পন্থা গ্ৰহণ কৰিছিল বন্দনাই, সেয়া লাহে লাহে পোহৰলৈ আহিছে। স্বামী আৰু শাহুক হত্যা কৰি কিমান নাটক কৰিছিল, সেই সকলোবোৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। প্ৰায় ৭ মাহৰ পূৰ্বে সংঘটিত এই কাণ্ড। কোনোৱে একো ধৰিবকে নোৱাৰিলে। তাৰ পাছত এই বন্দনা কলিতা নামৰ মহিলা গৰাকী কাষ পালেগৈ আৰক্ষীৰ। হেৰাইছে তেওঁৰ স্বামী আৰু শাহুৱেক, এইবুলি এজাহাৰ দিলে। নুনমাটি থানাত দাখিল কৰিলে নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ।

মানুহক দেখুৱাই পূজা পাতিলে বন্দনাই। কিমান নাটক। ১০ বছৰ পূৰ্বে বন্দনা বিবাহ পাশত আৱদ্ধ হৈছিল অমৰজ্যোতিৰ সৈতে। পৰিয়ালটোত মাক, অমৰজ্যোতি আৰু পত্নী বন্দনা। অমৰজ্যোতিৰ মাকৰ নামত ৫ টা ফ্লেট আছিল। ধনজিৎ নামৰ যুৱকজনৰ সৈতে সু সম্পৰ্ক আছিল বন্দনাৰ। স্বামীৰ সৈতে সম্পত্তিক লৈ আৰু আন পাৰিবাৰিক কাৰণত দুয়োৰে মাজত সংঘাত চলিছিল। বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল দুয়োৰে।

অৰূপ ডেকা নামৰ বন্ধু জনৰ সহযোগত তেওঁ এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ একচেন্ট গাড়ীৰে তিনিও ফুৰিবলৈ ওলাই গ’ল শ্বিলং চেৰাপুঞ্জীৰ দিশে। লগত লৈ গ’ল দুটা টোপোলা। এটাত স্বামী অমৰজ্যোতিৰ টুকুৰা কৰা মৃতদেহ আনটোত অমৰজ্যোতিৰ মাতৃ শংকৰী দেৰ নশ্বৰ দেহ। এটা মৃতদেহ পেলাই দিলে চেৰাপুঞ্জীলৈ যোৱাৰ পথত আনটো মৃতদেহ পেলালে ডাউকী সমীপৰ দ’ খাৱৈত। তথ্য প্ৰমাণ নষ্ট কৰিবলৈ ফ্লেটৰ ওপৰৰ ছাদত বহু সামগ্ৰী জ্বলাই দিলে। এনেদৰেই নাটকৰ ওপৰত আনখন নাটক কৰি গৈছিল বন্দনাই।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme