ডিজিটেল ডেস্কঃ ৮ডিচেম্বৰত দেশৰ দুখন ৰাজ্যৰ ফলাফল ওলাল। এখনত বিজেপি আৰু আনখনত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু গুজৰাটত বিজেপি দলৰ চৰকাৰ গঠন হোৱাৰ পাছতে এতিয়া বিভিন্ন খবৰ শেহতীয়াকৈ চৰ্চালৈ আহিছে। এইবেলি নিৰ্বাচনত হিমাচল প্ৰদেশৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হল অভিনেতা চলমান খানৰ বিয়ৈ।
চলমানৰ ভগ্নীক বিয়া কৰোৱা অভিনেতা আয়ুষ শৰ্মাৰ পিতৃ বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। হিমাচলৰ মণ্ডী সমষ্টিৰ পৰা বিজেপিৰ এগৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আয়ুষ শৰ্মাৰ পিতৃ অনিল শৰ্মা। উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ শৰ্মাৰ পৰিয়ালেই ৰাজনীতিৰ সৈতে জড়িত। তেওঁৰ পিতৃ পণ্ডিত সুখৰাম শৰ্মা পূৰ্বৰ ইউ পি এ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল।
মণ্ডি সমষ্টিত আনন্দ শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ১০হাজাৰো অধিক ভোটত পৰাস্ত কৰে।