ডিজিটেল ডেস্কঃ পূৰ্বতে অসমীয়া সমাজত এষাৰ কথা আছিল আমি খোৱা বস্তু ৩২বাৰ চোবাইহে পেটলৈ গিলিব লাগে। কিন্তু সময়ৰ সোঁতত পূৰ্বপুৰুষে কোৱা এই কথা আমি পাহৰি পেলালো আৰু শেহতীয়াকৈ আমি বদহজমিৰ দৰে বিভিন্ন ৰোগত আক্ৰান্ত হলো।
আচলতে প্ৰাপ্তবয়স্ক লোকৰ দাঁত বত্ৰিশটা আৰু সুস্বাস্থ্যৰ ৰক্ষাৰ নীতি অনুসৰি খাদ্য বত্ৰিশবাৰ চোৱোৰা পিছতহে গলাধ:কৰণ কৰা উচিত। যি ধৰণৰ অভ্যাসে খাদ্য খোৱাত লেহেমীয়া কৰে। ভালদৰে নোচোৱাকৈ ততাতৈয়াকৈ খাদ্যগ্ৰহণ কৰা লোকে পাকস্থলীৰ বিষত তত নাপায়। দৌৰাদৌৰিকৈ আহাৰ গ্ৰহণ কৰিলে বদহজম তথা পেটৰ বিষে জলাকলা কৰে। নাকে-মুখে গুঁজি খাদ্য খোৱা লোকে ব্যঞ্জনৰ সোৱাদ নাপায় আৰু সদায় ভূৰি ভোজন কৰি যন্ত্ৰণা ভোগ কৰে।
খাদ্য ভালদৰে চোবাই নাখালে মুখ গহবৰত লালটি গ্ৰন্থিৰপৰা ওলোৱা লালটি খাদ্যৰ লগত মিহলি নহয়, যি পৰিপ্ৰেক্ষিতত এই ৰসত থকা পাচক ৰসে সঠিকভাৱে কাম কৰিবলৈ অপাৰগ হৈ বদহজমৰ সৃষ্টি কৰে। খোৱা খাদ্য কম পৰিমাণে মুখত ভৰাই, দৌৰাদৌৰি সমূলি পৰিহাৰ কৰি ভালদৰে চোবাই খালে লালটিত থকা উৎসেচকে খাদ্য জীণ নিয়াবলৈ সুবিধা পায় আৰু বদহজম দূৰতে বিদূৰ হয়।
উল্লেখ কৰা প্ৰয়োজন যে, সঘনে বদহজমত ভুগিলে অভিজ্ঞ চিকিৎসকৰ কাষ চপা উচিত। এই ক্ষেত্ৰত দৰব বিশেষজ্ঞ অথবা পিত্তশূল বিশেষজ্ঞৰ ওচৰ চপাটো অতিশয় ফলপ্ৰসূ।