ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ ৩ৰাজ্যত ব্যাপক সফলতাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা দলীয় কাৰ্যকতাসকলক সম্বোধি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে। এই বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিজয়ৰ আৰঁত থকা তিনিটা কাৰন তথা কিটিপৰ কথা উল্লেখ কৰে। তেওঁ কয়- বিজেপিৰ প্ৰদৰ্শনৰ ৰহস্যত ত্ৰিবেণী আছে। সেয়া হ’ল- বিজেপি চৰকাৰৰ দ্বাৰা কৰা কাম, বিজেপি চৰকাৰৰ নৈতিকতা আৰু বিজেপি কৰ্মীসকলৰ সহায় কৰা গুণ। এই ত্ৰিবেণীয়ে বিজেপিৰ ক্ষমতা ১+১+১ বৃদ্ধি কৰে যি ১১১ গুণৰ সমান।”
উল্লেখ কৰা প্ৰয়োজন যে, ভাষণৰ পূৰ্বে মোডীয়ে কাৰ্যকৰ্তা সকলক মোবাইলৰ লাইট অন কৰি উত্তৰ পূৱৰ লোক সকলক অভিনন্দন জনাবলৈ অহ্বান জনায়। এয়া দেশভক্তি, উত্তৰ পূৱৰ প্ৰগতিৰ বাবে সন্মান বুলি কয় মোডীয়ে। তদুপৰি কংগ্ৰেছকো বহু কটাক্ষ কৰি মোডীয়ে কয় যে বহু বছৰ ধৰি কংগ্ৰেছে উত্তৰ পূৱক গুৰুত্ব দিয়া নাছিল আৰু উপেক্ষা কৰি আহিছিল।