1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:08 am

ওপজা দিনৰ ওলগঃ মুখ্যমন্ত্ৰীলৈ ৰাষ্ট্ৰপতি-উপ ৰাষ্ট্ৰপতিৰ লগতে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা…

  • Update Time : Tuesday, February 1, 2022

ডিজিটেল ডেস্কঃ ৫৩সংখ্যক জন্মদিনত দেশ-বিদেশৰ পৰা শুভেচ্ছা বাৰ্তা আহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তথা আন নেতাসকলে শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও ড° হিমন্ত বিশ্ব শৰ্মাক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰে ।

ইফালে অসমতো শদিয়াৰ পৰা ধুবুৰীলৈ উদযাপন কৰা হল জন্মদিন। মালিগাঁৱত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰীৰ ওপজা দিন। উল্লেখ্য যে, তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ – ২০০১২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

পৰৱৰ্তী সময়ত শৰ্মাই ২৪ মে’ ২০১৬-ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে। অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ লগতে উত্তৰ-পূব ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ সুসংযোগ স্থাপন কৰায়ে ইয়াৰ মূল উদ্দেশ্য। ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme