ডিজিটেল ডেস্কঃ গুৱাহাটীৰ প্ৰায়বোৰ বাহন চালকৰ বাবে তেওঁ আছিল এখন চিনাকি মুখ৷ বিশেষকৈ জু তিনিআলিৰ ট্ৰেফিক পইন্টত তেওঁক বহুতেই বহুবাৰ হয়তো প্ৰত্যক্ষ কৰিছে৷ কিন্তু হঠাতে এনেকুৱা এটা খবৰ আহিব বুলি হয়তো কোনেও আশা কৰা নাছিল৷ শুকুৰবাৰে নিশা সংঘটিত হল কোনেও কল্পনা নকৰা এই ঘটনা৷ পুৱা শুই থকা অৱস্থাত উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ৷ ঘটনাতো কেনেকৈ সংঘটিত হ’ল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত৷
অসম আৰক্ষীৰ যান বাহন শাখাত কৰ্মৰত বিপ্লৱ সিনহা নামৰ এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হয় গুৱাহাটীৰ ভঙাগড় থানাত৷ নিশা কৰ্তব্য সামৰি থানাতে বিশ্ৰাম লৈ আছিল বিপ্লৱ। নিশা অন ডিউটিত আছিল জোৱানজন। ডিউটিত থকা অৱস্থাত সতীৰ্থই ফোন কৰাত ৰিচিভ কৰা নাছিল। তাৰ পিছতে শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ। জোৱানজনৰ ঘৰ বঙাইগাঁৱত৷