1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:14 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

প্ৰশ্নবাণেৰে ৰাজনৈতিক নেতাৰ কঁপনি তোলা সাংবাদিক গৰাকী গ’লগৈ…

  • Update Time : Saturday, December 4, 2021

ডিজিটেল ডেস্কঃ এটা সময় আছিল যিটো সময়ত ইলেক্ট্ৰনিক সাংবাদিকতা মানুহেই বুজিয়েই পোৱা নাছিল। সেই সময়তে ধুমকেতুৰ দৰে এই জগতখনত প্ৰৱেশ কৰিছিল এগৰাকী লোকে। ইয়াৰ পিছতে প্ৰায় তিনিটা দশক এই জগতখনত ধ্ৰুৱতৰাৰ দৰে জিলিকি আছিল তেওঁ। কথনশৈলী আৰু বাতৰিৰ প্ৰকাশভংগীৰ বাবে সাংবাদিকতাৰ জগতখনত এখন সুকীয়া আসন দখল কৰা সেই মানুহগৰাকীয়েই আছিল বিনোদ দুৱা। শনিবাৰে এই বিশিষ্ট সাংবাদিকগৰাকীয়ে অসংখ্য গুণমুগ্ধক শোকসাগৰত পেলাই সামৰণি মাৰিলে জীৱন নাটৰ।

দূৰদৰ্শনত যেতিয়া তেওঁ নিৰ্বাচনী সমীক্ষা বা আলোচনা কৰিছিল তাক চাবলৈ ৰৈ আছিল লাখ লাখ দৰ্শক। নিজৰ এক সুকীয়া ব্যক্তিত্ব থকা বিনোদ দুৱাই ৰাজনীতিবিদক যেতিয়া প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নত থৰকাছুতি হেৰুৱাইছিল বহুজনে। বহুতে এইবুলিও কব খোজে সেই সময়ত ৰাজনীতিবিদক সমালোচনা কৰাৰ ক্ষেত্ৰত বিনোদ দুৱাই যি দুঃসাহস দেখুৱাইছিল, তেনে সাহস কোনো সাংবাদিকৰ নাছিল।

৬৭বছৰ বয়সত মৃত্যু হোৱা সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৭বছৰ। অহা দেওবাৰে লোধী শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখ্য যে, অসুস্থ হোৱাৰ পাছত দুৱাক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হৈছিল। চলিত বৰ্ষৰ প্রথম ভাগতে তেওঁ কৰোনাতো আক্ৰান্ত হৈছিল। দুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া দেশৰ সংবাদমাধ্যমত শোকৰ ছাঁ পৰিছে।

দেশৰ সাংবাদিকতাৰ ইতিহাসত যদি সাহসী সাংবাদিকৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা হয়, সেই তালিকাত বিনোদ দুৱাৰ নাম প্ৰায় প্ৰথমতেই থাকিব। কোনোদিন ৰাজনৈতিক হেচাঁ নিজৰ সাংবাদিকতাৰ ধাৰা সলনি নকৰা এইগৰাকী সাংবাদিকৰ ইংৰাজী আৰু হিন্দীভাষাত আছিল অগাধ দখল। তেখেতৰ সাংবাদিকতা আহি থকা প্ৰজন্মই সদায় মনত ৰাখিব যে, দেশত এনে এগৰাকী সাংবাদিকো আছিল, যি ৮০-৯০দশকত কঁপাই আছিল সমগ্ৰ দেশ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme