1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:32 am

যাত্ৰা এনেকৈয়ে সফল হয়ঃ বিকাশ চেত্ৰীলৈ আহিল GOLDEN PLAY BUTTON…

  • Update Time : Friday, January 20, 2023
ডিজিটেল ডেস্কঃ ইউটিউবৰ জগতখনত কষ্ট আৰু একাগ্ৰতাৰে সফলতা লাভ কৰা কেইগৰাকী মান বিশেষ অসমীয়াৰ ভিতৰত ডিম্পু বৰুৱা, বিকাশ চেত্ৰী আৰু ভূষণ পাঠকৰ দৰে বহুকেইজন অসমীয়াৰ নাম প্ৰথমেই মনলৈ আহে। ডিজিটেলৰ এই যুগত সঠিক ব্যৱহাৰেৰে এক সুচল জীৱন যাপন কৰিছে এইসকলৰ ইউটিউবাৰে। শেহতীয়াকৈ তেনে কষ্টৰ ফচল হিচাপেই ইউটিউবাৰ বিকাশ চেত্ৰীয়ে লাভ কৰিলে  GOLDEN PLAY BUTTON। ১০লাখ অনুৰাগী সম্পূৰ্ণ হলে ইউটিউবে প্ৰদান কৰে এই স্বীকৃতি।
কিছুদিনৰ পূৰ্বে বিকাশ চেত্ৰীৰ এটা চেনেলত সম্পূৰ্ণ হৈছে ১০লাখ অনুৰাগীৰ সংখ্যা আৰু তাৰেই স্বীকৃতি স্বৰূপে  ইউটিউবে বিকাশক প্ৰদান কৰিলে GOLDEN PLAY BUTTON। এই স্বীকৃতি পোৱাৰ পাছতে আনন্দ প্ৰকাশ কৰি বিকাশে ছচিয়েল মিডিয়াত লিখিলে এনেদৰে-
Finally ❤️🥰🥺
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু মোৰ অলপ কষ্টৰ ফলত আমি আজি GOLDEN PLAY BUTTON পাবলৈ সক্ষম হলো ।
বিগত ৫টা বৰ্ষত আমাৰ চেনেলটোক আপোনালোকে দিয়া মৰম আৰু ভালপোৱাৰ বাবে মই চিৰকৃতজ্ঞ । অনাগত দিনবোৰতো আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি থাকিব বুলি আশা ৰাখিলোঁ

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme