1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:02 pm

আজিকালি গাড়ী কিনি মানুহক শ্বো অ’ফ কৰিলেই ডাঙৰ YOUTUBER….

  • Update Time : Wednesday, August 31, 2022

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ইউটিউবাৰসকলৰ বিলাসী জীৱনক লৈ তীব্ৰ চৰ্চা অব্যাহত আছে। প্ৰতিদিনাই নতুন সামগ্ৰী ক্ৰয় বা কেতিয়াবা বিলাসী গাড়ী ক্ৰয় কৰি ভিডিঅবোৰ প্ৰস্তুত কৰা একাংশ ইউটিউবাৰক লৈ এইবাৰ ক্ষোক্ষ উজাৰিলে আনএগৰাকী ইউটিউবাৰে। এটা দশকৰো অধিক কাল ইউটিউবৰ সৈতে জড়িত হৈ থকা ভূষণ পাঠকে যোৱা মঙলবাৰে ছচিয়েল মিডিয়াত লিখিছে এনেদৰে-  আজিকালি গাড়ী কিনি মানুহক শ্বো অ’ফ কৰিলেই ডাঙৰ YOUTUBER , কাৰন ইউটিউবৰ পইচাৰে গাড়ী কিনা বুলি দেখাই ,বাকী কনটেন্ট যি নহওঁক কিয় । ভাত খালো মাছ খালো….।

ইউটিউবাৰ গৰাকীৰ এই পোষ্টৰ পাছতে এতিয়া ছচিয়েল মিডিয়াত উক্ত বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। বহুতে ইউটিউবাৰগৰাকীৰ এই চিন্তাক সমৰ্থন জনাইছে। কম দিনৰ ভিতৰতে অধিক ধনৰ আশা কৰি ইউটিউব আৰম্ভ কৰা একাংশক সচেতন হবলৈ আহ্বান জনালে ইউটিউবাৰগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অসমত একাংশ ইউটিউবাৰৰ ভিডিঅত প্ৰায়েই অযথা কিছু বিষয়ক লৈ ভিডিঅ প্ৰস্তুত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াও সৃষ্টি হৈছিল। এই সকলোবোৰ সামৰি ভূষণ পাঠকৰ এই পোষ্টটোৱে  এতিয়া বহু কথাই ভাৱিবলৈ বাধ্য কৰাইছে সচেতন মহলক…,

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme