1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 8:37 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

মাজত মাঁথো তিনিটা বসন্তঃ ধুমধামেৰে অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠান…

  • Update Time : Saturday, August 5, 2023

ডিজিটেল ডেস্কঃ  মাজত মাঁথো তিনিটা বসন্ত তাৰ পিছতেই ১০০ টা বছৰ গৰকিব মহানগৰীৰ ঐতিহ্যমণ্ডিত ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ে৷ ১৯২৭ চনতে স্থাপন হোৱা মহানগৰীৰ মাজমজিয়াৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ে ২০২৭ বৰ্ষত অতিক্ৰম কৰিব শতবৰ্ষ৷ শতবৰ্ষ অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ ইং ৮/৫/ ২০২৩ তাৰিখ শনিবাৰে বিদ্যালয় প্ৰেক্ষাগৃহত পশ্চিম গুৱাহাটীৰ বিশিষ্ট সমাজ সংগঠক তথা ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শ্ৰীযুত হিৰম্বেশ্বৰ কটকীৰ সভাপতিত্বত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়৷

উক্ত সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰৱক্তা শ্ৰীযুত কবিন্দ্ৰ কুমাৰ দাসৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ দ্বীজেন দাস, কালিৰাম ছোৱালী হাইস্কুলৰ শিক্ষয়ত্ৰী তথা প্ৰাক্তন ছাত্ৰী ৰঞ্জিতা মহন্ত, ভৰলুমুখ প্ৰাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী শ্ৰীযুতা কল্পনা গোস্বামী, বিদ্যালয় পৰিচালনা সমিটিৰ সভানেত্ৰী শ্ৰীযুতা সুনিতা দাসৰ লগতে বিদ্যালয়খনৰ ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

শতবৰ্ষ উদযাপনৰ বাবে অনুষ্ঠিত হোৱা প্ৰস্তুতি সভাখনৰ সিদ্ধান্ত অনুসৰি বিশ্বৰ চুকে-কোণে থকা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক 86381-90220 নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান কৰা হয়৷

উল্লেখ্যযোগে ৰাজ্যৰ বহু ঘটনা-পৰিঘটনাৰ সাক্ষী ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme