1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:55 pm

পঞ্জাৱত স্বাস্থ্যমন্ত্ৰীয়ে ১০ সপ্তাহো ধৰি ৰাখিব নোৱাৰিলে পদ, কি হৈছে মানৰ মন্ত্ৰীসভাত?

  • Update Time : Tuesday, May 24, 2022

ডিজিটেল ডেস্কঃ ১০ সপ্তাহো নিটিকিল! পঞ্জাৱত আপে চৰকাৰ গঠন কৰা মাত্ৰ ১০ সপ্তাহ। এই ১০টা সপ্তাহতেই আৰম্ভ দুৰ্নীতি! আপ দলে পঞ্জাৱত ভগৱন্ত মানৰ নেতৃত্বত গঠন কৰা চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল বিজয় সি্ঙ্গলাক। দায়িত্ব লাভ কৰিলে ঠিকেই , পিছে মাত্ৰ ১০ সপ্তাহতেই আৰম্ভ কৰিলে দুৰ্নীতি। যাৰ বাবে অতাতৈয়াকৈ ভগমন্ত মানে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিছে স্বাস্থ্যমন্ত্ৰী বিজয় সিঙ্গালক। মুখ্যমন্ত্ৰী মানে টুইটযোগে প্ৰকাশ কৰা অনুসৰি বিজয়ে এক শতাংশ কমিছনৰ দাবী কৰিছিল ঠিকাদাৰক, যাৰ বাবে বৰ্খাস্ত কৰা হৈছে বিজয়ক।

মানৰ এই সিদ্ধান্তৰ পিছেতই আপৰ নেতা মন্ত্ৰীসকলৰ এটাৰ পিছত আনটো টুইট। পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই টুইট কৰা অনুসৰি আপে একমাত্ৰ ৰাজনৈতিক দল যাৰ অখণ্ডতা, সাহস আৰু সৎ পথেৰে যাত্ৰা কৰাটো কেৱল মৌখিক প্ৰতিশ্ৰুতিয়েই নহয় হাতে-কামে কৰিও দেখুওৱাইছে আপে। দি্ল্লীৰ পিছতেই আপে পঞ্জাৱত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে স্বাধীন ভাৰতৰ ইতিহাসত এইয়ে দ্বিতীয় ঘটনা য’ত মুখ্যমন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাৰেই এজন সদস্যক বৰ্খাস্ত কৰিছে। ২০১৫-ত অৰবিন্দ কেজৰীৱালেও নিজ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme