1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:11 am

গৱেষণাই দিছে বিপৰীত তথ্য! এই বয়সত বিয়া পাতিলে বাঢ়ে পুৰুষৰ আয়ুস…

  • Update Time : Monday, May 30, 2022

ডিজিটেল ডেস্কঃ বিয়া জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সঠিক জীৱনসংগী বিচাৰি পোৱাও কঠিন কামসমূহৰ ভিতৰত এটা। এগৰাকী নাৰী বা একোজন পুৰুষ বিয়াৰ সঠিক বয়স কিমান? ভাৰতীয় সমাজ ব্যৱস্থাত
এগৰাকী নাৰীৰ ক্ষেত্ৰত বিয়াৰ সঠিক বয়স ২৫বছৰ আৰু পুৰুষৰ ক্ষেত্ৰত সঠিক বয়স ৩০ বছৰ বুলি ধৰা হয়। ভাৰতীয় পুৰুষ-মহিলাসকলে বিয়াৰ ক্ষেত্ৰত প্ৰায়েই লৈ আহিছে ভুল সিদ্ধান্ত। কিমান বয়সত বিয়াত বহিলে পুৰুষ এজনৰ আয়ুস বাঢ়ি যায় জানেনে? এক ব্যক্তিগত সংস্থাই চলোৱা গৱেষণাত পোহৰলৈ আহিছে বিশেষ তথ্য।

বিয়াৰ বাবে সঠিক বয়স আছেনে? আৰ্থিক আৰু মানসিকভাৱে প্ৰস্তুত নোহোৱাকৈ বিয়া কৰোৱাটো কিমানদুৰ গ্ৰহণযোগ্য? নাৰীকেই বিবাহৰ বাবে এটা বয়স ধ্যাৰ্য কৰি দিয়ে আমাৰ সমাজে। পুৰুষৰ ক্ষেত্ৰত তেনে কোনো ধৰা বন্ধা নিয়ম নাই। কিন্তু সমীক্ষাই দিছে বিপৰীত তথ্য। কেৱল মহিলাই নহয় পুৰুষ সকলৰ বাবেও বিয়াৰ বাবে নিৰ্দিষ্ট বয়স ধ্যাৰ্য হোৱাটো অতি জৰুৰী। এটা বসৰ ভিতৰত বিয়া কৰালে পুৰুষৰ আয়ুস বঢ়াত সহায়ক হয়। এই তথ্য দাঙি ধৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে। ১,২৭,৫৪৫ গৰাকী মার্কিন প্ৰাপ্তবয়স্ক পুৰুষৰ ওপৰত চলা গৱেষণাৰ পিছত দাঙি ধৰিছে এই সমীক্ষা। বিয়া কৰালেই পুৰুষৰ আয়ুস চুটি হয়, সেই ধাৰণা সম্পূৰ্ণ ভুল। সুখী বিবাহিত পুৰুষৰ আয়ুস যথেষ্ট বেছি। বহু বিবাহিত পুৰুষেই বিচ্ছেদ লোৱা বা পত্নীগৰাকীৰ বিয়োগ হোৱা পুৰুষতকৈ পত্নীৰ সৈতে সময় কটোৱা পুৰুষৰ আয়ুস বেছি। সুখী বিবাহিত পুৰুষসকল বিচ্ছেদ গ্ৰহণ কৰা পুৰুষতকৈ সদায়ে বেছি সুখী। অবিবাহিত পুৰুষতকৈও এওঁলোক বেছি সুখী হয়।

যিসকল পুৰুষে ২৫বছৰ বয়সতেই বিয়া কৰাইছে তেওঁলোক বেছি সুৰক্ষিত। আৰু যিসকল পুৰুষে ২৫বছৰতকৈ আগতেই বিয়া কৰাইছে তেওঁলোকে নিৰাপত্তাৰ কথাক লৈ প্ৰতিসময়তে চিন্তিত হৈ থাকে। আনহাতে ২৫বচৰ বয়সতেই বিবাহ কৰোৱা পুৰুষ সকলে বেছিদিন বাছি থকাৰ উপৰিও এটা সু-স্বাস্থ্যৰ সৈতে তেওঁলোক জী থাকে। বিজ্ঞানীয়ে কৰা গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি যিমানেই কম বয়সত মনে বিচৰা সংগী পায় তেওঁলোকেই অত্যন্ত সুখী পুৰুষ।

যদি বিবাহৰ পিছত শৰীৰ সুস্থ থাকে তেন্তে হৃদপিণ্ডও ভালে থাকে। জাপানৰ বিজ্ঞানীয়ে কৰা গৱেষণাত পোহৰলৈ এই তথ্য। অবিবাহিত পুৰুষৰ বিবাহিত পুৰুষতকৈ হৃদৰোগত আক্ৰান্তৰ সম্ভাৱনা তিনি গুণ বেছি থাকে। বিভিন্ন শাৰীৰিক মানসিক সমস্যাই এইসকল লোকক ভাৰাক্ৰান্ত কৰে। তাৰ ভিতৰত মানসিক স্বাস্থ্যই প্ৰধান। বিবাহিত পুৰুষৰ মানসিক স্ব্যস্থ্য এইসকলতকৈ সুস্থিৰ হৈ থাকে। বিবাহিত পুৰুষৰ শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমান সঠিক থাকে। এক সুস্থ জীৱনবোধেৰে জীয়াই থকা পুৰুষৰ আয়ুস সদায়ে বেছি বুলি সমীক্ষাই প্ৰকাশ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme