1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:31 pm

BCCIৰ নিৰ্দেশক অৱমাননা কৰি বিপদত দুই তাৰকা ক্ৰিকেটাৰ

  • Update Time : Thursday, February 29, 2024

বিপদত এতিয়া ক্ৰিকেট তাৰকা শ্ৰেয়ছ আয়াৰ আৰু ঈশান কিষাণ। BCCIৰ নিৰ্দেশক অৱমাননা কৰি বিপদত এতিয়া এই দুই তাৰকা ক্ৰিকেটাৰ। শেহতীয়াকৈ BCCI এ প্ৰকাশ কৰা কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভূক্ত হৈছে কেইবাগৰাকী ন-পুৰণি খেলুৱৈৰ নাম। এক পথ-দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঋষভ পণ্ট অন্তৰ্ভূক্ত হৈছে এই তালিকাত। শেহতীয়া টেষ্ট মেচত দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা যশস্বী জয়ছোৱালো প্ৰথমবাৰৰ বাবে এই তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে। ব’ৰ্ডৰ নিৰ্দেশক অমান্য কৰাৰ ফল ভুগিলে প্ৰতিভাৱান ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু উইকেট ৰক্ষক বেটছমেন ঈশান কিষাণে। ৰঞ্জী ট্ৰফীৰ মেচ নেখেলি এতিয়া বিপদত পৰিছে দুয়ো। উল্লেখযোগ্য যে ব’ৰ্ডৰ নিৰ্দেশক অৱমাননা কৰি ৰঞ্জী ট্ৰফী নেখেলা আয়াৰ আৰু কিষাণ ২২-২৩ বৰ্ষৰ চুক্তি আছিল। উক্ত বৰ্ষৰ চুক্তি অনুসৰি আয়াৰ আছিল ‘বি’ কেটেগৰীত আৰু কিষাণ ‘চি’ কেটেগৰীত। বুধবাৰে BCCIএ প্ৰকাশ কৰা এই বৰ্ষৰ চুক্তি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৩০গৰাকী খেলুৱৈৰ নাম। উক্ত তালিকাত ‘এ- প্লাছ’ কেটেগৰীত আছে ৰোহিত শৰ্মা, বিৰাট কোহলি, যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজা। আনহাতে ‘এ’ কেটেগৰীত অন্তৰ্ভূক্ত হৈছে ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, চিৰাজ, কে এল ৰাহুল, শুভমন গীল আৰু হাৰ্ডিক পাণ্ডিয়াৰ নাম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme