1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:07 am

বৰষাৰাণীক আনা ৰাজনীতিৰ পথাৰলৈ, তেতিয়াহে সিজিব কামঃ কোন বুদ্ধিজীৱিয়ে কংগ্ৰেছক দিছে এই মন্ত্ৰণা…

  • Update Time : Monday, January 16, 2023

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বুদ্ধিজীৱি হীৰেন গোহাঁইৰ এক বিশেষ মন্ত্ৰণাত কংগ্ৰেছে কৰিছে এটা বিশেষ ৰাজনৈতিক প্লেন। সেই প্লেন অনুসৰি ২০২৪ৰ বাবে সক্ৰিয় ৰাজনীতিলৈ আনিব বিচাৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়াক। কংগ্ৰেছক এই মন্ত্ৰণা ড০ হীৰেন গোহাঁয়ে প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই গোহাঁইক তেওঁৰ গৃহত সাক্ষাত কৰিবলৈ যাওতে এই মন্ত্ৰণা প্ৰদান কৰিছে। আৰু সেই মন্ত্ৰণা অনুসৰণ কৰিয়েই কংগ্ৰেছে অভিনেত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব বিচাৰিছে সংসদীয় সমষ্টিটোত৷ যদিহে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইন ওজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে, তেতিয়া কংগ্ৰেছে বৰষাৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে এটা কৌশল ৰচনা কৰিছে৷

কিন্তু জানিব পৰা মতে, অভিনেত্ৰী বৰষাৰাণীয়ে সন্মতি দিয়া নাই কংগ্ৰেছক ৷ এই সন্দৰ্ভত এতিয়ালৈকে বৰষাৰাণীয়েও কোনো কথা আনুষ্ঠানিকভাৱে সদৰি কৰা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme