ডিজিটেল ডেস্কঃ জয়ৰ সপোন সকলোৰে থাকে। যি পন্থাৰেই নহওক কিয়, লক্ষ্যত উপনীত হোৱাৰ সকলোৰে হাবিয়াস থাকে। সেই হাবিয়াস কংগ্ৰেছৰো আছে আৰু অন্য ৰাজনৈতিক দলৰো থাকিব। কিন্তু লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই সেই যাত্ৰাৰ ৰণকৌশল অইনে গম পালে সেই যাত্ৰা আধাতে ইতি পৰাতো নিশ্চিত। ঠিক তেনে অৱস্থাই হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ।
গুৱাহাটী লোকসভা সমষ্টিটো বিজেপিৰ পৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত কংগ্ৰেছে যি ৰণকৌশল তৈয়াৰ কৰিছিল, সেয়া আধাতেই এক কথাত ভাইৰেল হৈ পৰিল। আৰু ইয়াৰ ফলত সমস্ত ৰণকৌশলেই হৈ পৰিল বুমেৰাং । বিজেপিয়ে এইবাৰ উক্ত লোকসভা সমষ্টিটোত কুইন ওজাৰ পৰিৱৰ্তে অন্য এগৰাকী নেত্ৰীক টিকট প্ৰদানৰ যোজা কৰিছে বুলি চৰ্চা চলি থকাৰ সময়তে কংগ্ৰেছে এনে ৰণকৌশল তৈয়াৰ কৰিছিল।
ৰাজ্যৰ এগৰাকী বুদ্ধিজীৱিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক এই মন্ত্ৰণা প্ৰদান কৰিছিল। কংগ্ৰেছে ভিতৰচৰাত এই কথাটো আলোচনা কৰিছিলহে মাত্ৰ। বৰষাৰাণী বিষয়াক উক্ত বিষয়টো দলৰ ফালৰ পৰা জনাবলৈ নৌ পাওতেই চাৰিওফালে এই খবৰ বিয়পি পৰিল আৰু এই কথাত বিব্ৰত হৈ বৰষাৰাণীয়েও ক’লে- মই ৰাজনীতিলৈ কেতিয়াও নাযাও।
বৰষাৰাণীৰ এই ঘোষণাৰ পাছতে কংগ্ৰেছৰ অৱস্থা গছত কঠাল, ওঠত তেল, নৌ খাওতেই চেলবেল’ৰ দৰে হ’ল। দুয়োফালৰ পৰাই মৰণ ঘটিল কংগ্ৰেছৰ, আধাতে শেষ এই বিশেষ ৰণকৌশলৰ। অৱশ্যে বৰষাৰাণী যদি মান্তি হ’ল হয়, তেন্তে গুৱাহাটীত কংগ্ৰেছৰ এগৰাকী সবল প্ৰাৰ্থী হ’লহেতেন বুলি একাংশই মত ব্যক্ত কৰিছে। কিন্তু মূৰকত সেয়া হৈ নুঠিল।
একপ্ৰকাৰে কলিতে কংগ্ৰেছৰ সপোন মৰহিল। বৰষাৰাণীয়ে ‘কা’ৰ বিৰুদ্ধে লোৱা স্থিতিৰ বাবেই হয়তো কংগ্ৰেছক এই মন্ত্ৰণা দিছিল সেই বিশেষ বুদ্ধিজীৱিগৰাকীয়ে। কিন্তু সময় এতিয়া বহু সলনি হ’ল, একেদৰেই বৰষাৰাণীও…