ডিজিটেল ডেস্কঃ চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ কিছুদিনৰ ভিতৰতে অন্ত পৰিব। ৩১মাৰ্চৰ পিছত ১এপ্ৰিলৰ পৰা আৰম্ভ হব নতুন বিত্তীয় বৰ্ষ। ২০২৩-২৪বিত্তীয় বৰ্ষত বহু কাম সলনি হব। এই সলনি বিশেষকৈ বেংক আৰু ধনৰ লেন-দেনৰ সৈতে জড়িত হব। আপোনালোকক জনাই থও যে, আহিবলগীয়া এপ্ৰিল মাহত আপোনাৰ যদি জৰুৰী বেংকৰ কাম আছে, তেন্তে পিছুৱাই নথব। কিয়নো এপ্ৰিল মাহটোত ১৫দিন বন্ধ থাকিব বেংক।
আগন্তুক এপ্ৰিল মাহত ১৫দিন বন্ধ থাকিব বেংক। এছ বি আইৰ নিৰ্দেশ অনুসৰি এপ্ৰিল মাহত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ মিলাই মুঠ ১৫দিন বেংক বন্ধ থাকিব। এপ্ৰিল মাহটোত ১, ৪, ৫, ৭, ১৫, ১৮, ২১ আৰু ২২এপ্ৰিলত বন্ধ থাকিব বেংক। ইয়াৰ বাহিৰেও ২,৯, ১৬ আৰু ৫এপ্ৰিলতো বন্ধ থাকিব বেংক। ইয়াৰ বাহিৰেও ৮ আৰু ২২এপ্ৰিলত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব বেংক।
গতিকে এপ্ৰিলত কৰিব লগীয়া বেংকৰ কাম সময়ত নকৰিলে আপুনি সন্মুখীন হব পাৰে বহু লোকচানৰ।