1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:47 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

জানেনে, অসমত কেইবিধ কল আছে, আৰু কি কি? সন্তানৰ বাবে শ্বেয়াৰ কৰক এইটো নিউজ….

  • Update Time : Monday, May 16, 2022

ডিজিটেল ডেস্কঃ প্ৰাকৃতিকভাৱে অতিকৈ চহকী অসম। ভালকৈ লাগিলে বিশেষকৈ কৃষিৰ ক্ষেত্ৰত ফেৰ মাৰিব পৰা ৰাজ্য দেশৰ ভিতৰত কেইখনমানহে আছে।  শেহতীয়াকৈ ফেচবুকত ভাইৰেল হৈছে অসমত থকা কলৰ প্ৰজাতিৰ নাম। প্ৰায় ৭৮বিধ কল অসমত পোৱা যোৱা বুলি কোৱা হৈছে।

এটা কথা মনত ৰাখিব লাগিব যে, কেৱল কলৰ নামহে আঠসত্তৰটা, কাৰণ একেবিধ কলৰ দুটা, তিনিটা বা চাৰিটা নামো ইয়াত সন্নিৱিষ্ট হ’ব পাৰে৷ বিজ্ঞানসন্মত প্ৰণালীৰে শুদ্ধ সূচীখন বিশেষজ্ঞ প্ৰতিষ্ঠানেহে প্ৰস্তুত কৰিব পাৰিব৷ অসমত পোৱা কলৰ জাতৰ বৰ্ণানুক্ৰমিক নামবোৰ হ’ল-
১) অডিল কল, ২) অমৃত সাগৰ কল, ৩) অসমীয়া মালভোগ কল, ৪) আঠীয়া কল, ৫) আবৰ মালভোগ কল, ৬) কঁটীয়া জাহাজী কল, ৭) কদমণি তুলসী কল, ৮) কপা আঠীয়া কল, ৯) কৃষ্ণ জাহাজী কল, ১০) কৃষ্ণ সাগৰ কল, ১১) কেচেলিপা কল, ১২) কেতেকী মালভোগ কল, ১৩) কেতেকী সোন্দা কল, ১৪) গোবিন্দ তুলসী কল, ১৫) চঁপা আঠীয়া কল (চেঁপা আঠীয়া), ১৬) চাউহা কল, ১৭) চাবুৱা কল (ৰাজবংশী), ১৮) চিংফৌ কল, ১৯) চেনিচম্পা কল, ২০) জাতিকল, ২১) জাহাজী কল, ২২) জুৰমণি কল, ২৩) ডিল সামৰা কল, ২৪) তুলসী কল, ২৫) তুলসী চম্পা কল, ২৬) তুলসী জাহাজী কল, ২৭) তুলসী মনোহৰ কল, ২৮) তুলসী মালভোগ কল, ২৯) তেজাহ কল, ৩০) দাম কল, ৩১) দিগযোৱা কল, ৩২) ধীৰমণি কল, ৩৩) ধীৰ মনোহৰ কল, ৩৪) নামনি মালভোগ কল, ৩৫) পদ্দু কল (পদো কল), ৩৬) পাতিসোন্দা কল, ৩৭) পানী জাহাজী কল, ৩৮) পাহাৰীয়া কল, ৩৯) পুৰাকল (কাচকল), ৪০) ফুল কল, ৪১) ফেঁচা মনোহৰ কল, ৪২) বৰকল, ৪৩) বগী মনোহৰ কল, ৪৪) বনকল, ৪৫) বৰ মনোহৰ কল, ৪৬) বৰতমণি (ভৰতমুনি) কল, ৪৭) বামুণকন্দা কল, ৪৮) বাৰী সোন্দেৰী কল (দৰং), ৪৯) বাহ্‌ উভতা কল, ৫০) ভতুক কল, ৫১) ভঠৰা কল (কামৰূপ), ৫২) ভিতৰপকা কল, ৫৩) ভীমকল, ৫৪) ভোগমন কল, ৫৫) ভোট মনোহৰ কল, ৫৬) মনোহৰ কল, ৫৭) মালভোগ কল, ৫৮) মৌ কল, ৫৯) মৌতুৰ্পি কল, ৬০) যদু কল, ৬১) ৰামকল, ৬২) ৰাঙী চম্পা কল, ৬৩) ৰেগাটচি কল (গাৰো), ৬৪) লেহেতী কল, ৬৫) শিমলু মনোহৰ কল, ৬৬) শিল কল (লবং কেংতং), ৬৭) সাগৰচেনী কল, ৬৮) সুন্দৰী কল, ৬৯) সুৱাগমণি কল, ৭০) সূৰ্য্যমুখী কল, ৭১) সেন্দূৰী কল, ৭২) সেন্দূৰী চম্পা কল, ৭৩) সেন্দূৰী জাহাজী কল, ৭৪) সেন্দূৰী মালভোগ কল, ৭৫) সেন্দূৰী ফুল কল, ৭৬) সোন্দা কল, ৭৭) হাতীদঁতীয়া কল আৰু ৭৮) হীৰমণি কল৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme