ডিজিটেল ডেস্কঃ হঠাতে হাহাকাৰ লাগিছে। বাল্য বিবাহ কৰোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। একাংশই সপক্ষে আৰু একাংশই চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। আচলতে এই আইনখননো কি জানি লওঁ আহকচোনঃ-
বাল্য বিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুছেৰীৰ ৰেন’কেণ্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ক প্ৰতিষ্ঠাপন কৰিলে। ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাবালিকা পত্নীৰ লগত যৌন কাৰ্যৰ বিষয়ে এক মাইলৰ খুঁটি স্বৰূপ ৰায়দান দিয়ে। এই ৰায়ে ভাৰতীয় আইনব্যৱস্থাত থকা ব্যতিক্ৰমক অপসাৰণ কৰে। পূৰ্বৰ আইন মতে নাবালিকা পত্নীক ধৰ্ষণকাৰী ব্যক্তিয়ে আইনী সুৰক্ষা লাভ কৰিছিল।
ইউনিচেফে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্ঠিত বিবাহক বাল্য বিবাহ হিচাপে নিৰূপণ কৰিছে। লগতে এই প্ৰথাক মানৱধিকাৰ লংঘন কৰা বুলিও উল্লেখ কৰিছে। সামাজিক প্ৰথা, সাংস্কৃতিক আৰু ধৰ্মীয় সুৰক্ষাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুদ্ধ কৰা কঠিন।
২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ ১৮ বছৰৰ কম বয়সৰ ১৫ লাখ ছোৱালীয়ে ইতিমধ্যে বিয়া কৰাইছিল। বাল্য বিবাহৰ ফলত শিশুৰ সামাজিক, শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। তাৰে ভিতৰত উল্লেখযোগ্য হল শিক্ষাৰ অভাৱ, বন্ধু আৰু পৰিয়ালৰ পৰা পৃথক্কৰণ, যৌন শোষণ, প্ৰাথমিক গৰ্ভাৱস্থা আৰু স্বাস্থ্যৰ অৱনতি, ঘৰুৱা হিংসা, উচ্চ শিশু মৃত্যুৰ হাৰ, জন্মৰ সময়ত শিশুৰ কম ওজন ইত্যাদি।
এই আইন খনৰ মূল উদ্দেশ্য হল ভাৰতত বাল্য বিবাহ আৰু ইয়াৰ লগত জড়িত প্ৰথা সমূহক নিষিদ্ধ কৰা। সমাজৰ পৰা বাল্য বিবাহ সমূলি নাশ কৰিবলৈ পূৰ্বৰ ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা প্ৰচলিত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ৰ ঠাইত এই আইন ২০০৬ চনত প্ৰণয়ন কৰা হৈছিল।
এই নতুন আইনে বাল্য বিবাহক নিষিদ্ধ কৰিবলৈ আইনী বিধি প্ৰদান কৰে। ই ভুক্তভোগীক ৰক্ষা কৰে আৰু সহায়িতা প্ৰদান কৰে লগতে এনে অপৰাধী সকলক কঠোৰ শাস্তি প্ৰদান কৰাত সহায় কৰে। ইয়াৰ লগতে এই আইনে বাল্য বিবাহ নিৰোধক বিষয়া নামৰ এক চৰকাৰী পদ সৃষ্টি কৰিলে। এই বিষয়াজনক ৰাজ্য চৰকাৰে গোটেই ৰাজ্য বা ৰাজ্যৰ এক বিশেষ অংশৰ বাবে নিযুক্তি প্ৰদান কৰে।
বাল্য বিবাহ নিষেধ আইন, ২০০৬ ৰ ২১টা বিভাগ আছে। এই আইন জম্মু আৰু কাশ্মীৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী ৰেন’কেণ্টছৰ বাহিৰে গোটেই ভাৰততে এই আইন প্ৰযোজ্য হয়। এই আইন অনুসৰি বাল্য বিবাহৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ তৰিব পাৰি।
বাল্য বিবাহৰ দৰে সমাজত প্ৰচলিত হৈ থকা কু-প্ৰথা ৰোধ কৰিবৰ বাবে তলৰ ব্যৱস্থাৱলী তথা উপায়বোৰ গ্ৰহণ কৰিব লাগে। যেনে:
বাল্য বিবাহ এতিয়াও প্ৰচলন হৈ থকা ৰাজ্য, যেনে: গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত বাল্যবিবাহ নিষিদ্ধকৰণৰ প্ৰচেষ্টা অধিক ব্যাপক কৰি তুলিব লাগে।
ভাৰত চৰকাৰে শিশুৰ বাবে ৰাষ্ট্ৰীয় কৰ্ম আঁচনি, ২০০৫-২০১০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছিল। ইউনিছেফ (UNICEF-United Nations International Children’s Emergency Fund) ৰ এটা সমীক্ষাত প্ৰকাশ পাইছে যে বাল্য বিবাহ নিষিদ্ধকৰণ আইনৰ অধীনত সমগ্ৰ দেশতে এটা বছৰত ৮৯ জনতকৈ অধিক লোকক অভিযুক্ত কৰা হোৱা নাই।
২০০৬ চনৰ ‘ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ত প্ৰকাশিত তথ্য অনুসৰি উত্তৰ প্ৰদেশত ৫৩% মহিলাৰে বিয়া ১৮ বছৰ বয়সতকৈ কম বয়সত হয়। ‘বাল্য বিবাহ নিষেধ আইন, ২০০৬ চন’ বলৱৎ কৰি চৰকাৰে আইনগতভাৱে বাল্য বিবাহ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে ১৯২৯ চনত বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ (Child Marriage Restraint Act, 1929) বলৱৎ কৰি বাল্য বিবাহ বে-আইনী আখ্যা দিয়ে যদিও তেনে বিবাহ বাতিলৰ ব্যৱস্থা তাত ৰখা হোৱা নাছিল, সেয়ে পৰৱৰ্তী সময়ত এই আইনৰ সংশোধন ঘটাই ২০০৬ চনৰ আইনখন বলৱৎ কৰা হয়।