1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:31 am

বাক্সাত সৰ্প দংশনত যুৱতীৰ কৰুণ মৃত্যু….

  • Update Time : Saturday, August 12, 2023
  • বাক্সাত সৰ্প দংশনত যুৱতীৰ কৰুণ মৃত্যু। উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভালুকদোঙাৰ হৰেন কলিতাৰ কন্যা হীৰামণি কলিতাক শুকুৰবাৰে পুৱাৰ ভাগত দংশন কৰিছিল বিষাক্ত সৰ্পই৷
  • ঘটনাৰ পিছতে পৰিয়ালে হীৰামণিক ভৰ্তি কৰিছিল মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত৷ চিকিৎসালয়ত চিকিৎসকে হীৰামণিক এটা মাত্ৰ ইনজেকচন দি আই চি ইউ নথকা বাবে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে৷
  • চিকিৎসকৰ হেমাহি আৰু আই চি ইউ কক্ষ নথকাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ। চিকিৎসালয়ত পৰ্যাপ্ত সা- সুবিধা নথকাৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে এগৰাকী ষোড়শী যুৱতীয়ে৷ বাক্সা জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয় ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত বিগত তিনি বছৰে আই চি ইউ কক্ষ কাৰ্যক্ষম হৈ নুঠাৰ বাবেই হেৰাই গ’ল এটি সম্ভাৱনাময় জীৱন৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme