1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

কংগ্ৰেছ নেতাৰ আজৱ কথাঃ হিজাব নিপিন্ধাৰ বাবেই ভাৰতত হয় বলাৎকাৰ…

  • Update Time : Sunday, February 13, 2022

ডিজিটেল ডেস্কঃ দেশজুৰি হিজাব বিৰ্তকৰ মাজতে এগৰাকী কংগ্ৰেছ নেতাৰ মন্তব্যই লজ্জিত কৰিছে সকলোকে। কৰ্ণাটকৰ কংগ্ৰেছ নেতা জমিৰ মহম্মদে ভাৰতত ধৰ্ষণ হোৱাৰ কাৰন ব্যাখ্যা কৰিবলৈ গৈ কলে- ভাৰতত মহিলা ধৰ্ষিতা হোৱাৰ প্ৰধান কাৰনটো হৈছে সকলো মহিলাই ইচলাম মহিলাৰ দৰে হিজাব পৰিধান নকৰে। যাৰ বাবে ধৰ্ষণৰ সংখ্যা ভাৰতত বাঢ়িছে।

উল্লেখ্য যে, ৪বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ কংগ্ৰেছী গৰাকীৰ এই মন্তব্যৰ বাবে সকলোৱে একেমুখে গৰিহণা দিছে। নিজ দলৰে বহুকেইজন নেতাই গৰিহণা দিছে জমিৰ মহম্মদক। ছচিয়েল মিডিয়াত একাংশই উক্ত বিষয়টোক লৈ অযথা বিৰ্তকৰ সূচনা হৈছে বুলি কৈ নাৰীয়ে কি পিন্ধিব সেয়া একান্ত ব্যক্তিগত বিষয় বুলি মত প্ৰকাশ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme