1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:30 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এই ৫টা গুণ আপোনাৰ যদি আছে, জীৱনত কেতিয়াও আপোনাৰ উন্নতি নহয়…

  • Update Time : Thursday, April 28, 2022

ডিজিটেল ডেস্কঃ মানুহৰ জীৱন দুদিনীয়া বুলি ভাৱিলেও এই দুদিনীয়া জীৱনত কৰিব লগীয়া বহু থাকে। বহুতে এই জীৱনটো এনেদৰে সজাই লব জানে যে, তেওঁ মৰাৰ পিছত স্বৰ্গ নহয়, জী থাকোতেই এইখন পৃথিৱীয়েই স্বৰ্গ বনাই লব জানে। এনে মানুহৰ জীৱনত উন্নতিও হয়। আচলতে ৫টা গুণৰ অধিকাৰী মানুহৰ জীৱনত কেতিয়াও উন্নতি নহয়। সেই ৫টা গুণ হৈছে-

১. যি মানুহে সকলো সময়তে আনক ঘৃণা কৰে আৰু ঘৃণা বিয়পোৱাত ব্যস্ত হৈ থাকে। তেনে মানুহ শেষত নিজেই ঘৃণাৰ পাত্ৰ হৈ পৰে।

২. আনে কি ভাৱিব বুলি বেছি ভাৱি থকা মানুহৰ জীৱনত উন্নতি নহয়। নিজৰ বিবেকে ভাল বুলি ভৱা সকলো কামেই সঠিক। মাত্ৰ নিজৰ অন্তঃ আত্মাক এবাৰ নিজে সুধি সেই কাম কৰিব লাগে। আনে কি ভাৱে, তাক ভাৱিলে একো নহয়গৈ।

৩. যি লোক সদায় অসন্তুষ্ট হৈ থাকে আৰু সকলো কথাতে দোষ খুচৰি খং কৰি থাকে। তেনে লোক জীৱনত কোনো কথাতে সন্তুষ্ট নহয় আৰু উন্নতিও নহয়

৪. যি মানুহ ভয় কৰে আৰু ৰিক্স নলৈ পিছ হুহকি আহে। তেনে লোকৰ বাবে জীৱনটো বৰ সহজ নহয়। তেনে লোক প্ৰতিটো কামতে পিছ পৰি থাকে। সুযোগৰ সদব্যৱহাৰ তেওলোকে কেতিয়াও কৰিব নোৱাৰে।

৫. নিজৰটো নাচাই আনৰ বেয়া ভাৱি থকা সকলৰ কেতিয়াও উন্নতি নাই। আনক মাৰি নিজে উঠিম বুলি ভৱা লোকৰ এদিন পতন নিশ্চিত। গতিকে আনৰ বেয়া নাভাৱি সমানে কাম কৰি যাব লাগে। ফল নিজেই পাব।

গতিকে এই ৫টা গুণ যদি আপোনাৰো আছে আতৰাবলৈ যত্ন কৰক আৰু জীৱনত লাভ কৰক সফলতা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme