1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

মেকআপ নকৰাকৈ ধুনীয়া হোৱাৰ কিটিপ জানেনে? এইকেইটা উপায় গ্ৰহণ কৰিলেই পাব সুফল…

  • Update Time : Monday, June 13, 2022

ডিজিটেল ডেস্কঃ মেকআপ নকৰালৈ কেনেকৈ ধুনীয়া হৈ থাকিব? প্ৰসাধনীয় কোনে সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ধুনীয়া হৈ থাকিব পাৰে একোগৰাকী ব্যক্তি। ধুনীয়া হৈ থকাৰ বিশেষ টিপছ আগবঢ়াইছে বাবা ৰামদেৱে।

পুৰুষ কিম্বা মহিলা সকলোৱেই ধুনীয়া হৈ থাকিব বিচাৰে। বলীউডৰ তাৰকাসকলৰ দৰেই সকলোৱে সুন্দৰ ছাল একোখনৰ গৰাকী হ’ব বিচাৰে। কিন্তু এনে মসৃণ ছালৰ অধিকাৰী হ’বলৈ প্ৰসাধনজাত সামগ্ৰীয়েই একমাত্ৰ বিকল্প নহয়। সুন্দৰ হৈ থাকিবলৈ ভিতৰৰ পৰাও সুন্দৰ হোৱাটো দৰকাৰী। ৬৬ বছৰ বয়সীয়া বলীউড অভিনেত্ৰী ৰেখাৰ ৰূপ লাৱণ্যত সকলোৱেই মুগ্ধ আনহাতে ৫৩ বছৰীয়া মাধুৰী, ৭২ বছৰীয়া হেমা মালিনীকো চাব পাৰে। এই সুন্দৰতাৰ আঁৰত আছে যোগভ্যাষ।

ৰামদেৱেও সেই কথাকেই ক’ব খোজে। ৰামদেৱৰ মতে পুষ্টিৰ অভাৱত মুখত বালিৰেখা পৰে।এই বালিৰেখা আঁতৰাবলৈ একমাত্ৰ বিকল্প যোগভ্যাষেই। দৈনিক যোগভ্যাষ কৰিলে শৰীৰ সুস্থ থকাৰ ওপৰিও প্ৰাকৃতিক সৌন্দৰ্যতা বৰ্তি থাকে। ১০০ বছৰ বয়সতো সুস্বাস্থ্য অটুত ৰখাৰ বহুকেইটা কিটিপ ৰামদেৱে দিছে।

আমাৰ মুখাৱয়বৰ ওপৰত সাধাৰণতে দাগ, ব্ৰণ, ছাল শুকাই যোৱা, চকুৰ তল ক’লা পৰা, বালিৰেখা আদি মুখ্য সমস্যা। এই সমস্যা দূৰ কৰিবলৈ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা পেক লগোৱাটো উপকাৰী। বাদাম, তিঁয়হ, পকা অমিতা, পকা কল, এলোভেৰা, হালধি, বুটমাহেৰে ঘৰুৱাভাৱে তৈয়াৰ কৰা পেক নিয়মিত ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰোপৰি খাদ্যৰ তালিকাতো সন্নিবিষ্ট কৰিব পাৰে এলোভেৰা জুচ, বাদাম, কিচমিছ, এপ্ৰিকট, অখৰোটৰ লগতে তেল-মছলাৰে ৰন্ধা খাদ্যতকৈ সিজোৱা আহাৰ খোৱাটো উপকাৰী। আনহাতে নিয়মিত যোগভ্যাষ কৰিলে বহুকেইটা সুফল পোৱা যায়। উদাহৰণস্বৰূপে মস্তিষ্কৰ ৰোগ নিৰাময়ত, একাগ্ৰতা বৃদ্ধিত, স্মৃতিশক্তি শক্তিশালী কৰাত, দৃষ্টিশক্তি বঢ়াত, হাত, কান্ধৰ পেশী শক্তিশালী হোৱাত, মুখৰ উজ্জলতা বঢ়াৰ লগতে ডায়বেটিছ নিয়ন্ত্ৰণৰ বাবে যোগভ্যাষ অতিকৈ উপকাৰী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme