ডিজিটল ডেস্কঃ নতুন বছৰত দেশৰ বিবাহিত লোকসকলৰ বাবে এটা ভাল খবৰ। প্ৰতিমাহে তেওঁলোকে লাভ কৰিব ১০হাজাৰকৈ টকা। Atal Pension Yojana- APYৰ যোগেদি এই ধন পেঞ্চন হিচাপে লাভ কৰিব। এই Atal Pension Yojana- APYত একাউন্ট খুলি মাহে ১০হাজাৰ টকা পৰ্যন্ত পেঞ্চন লাভ কৰিব পাৰিব।
উল্লেখ কৰা প্ৰযোজন যে, এই আচনি কোনো নতুন আচঁনি নহয়, ২০১৫চনতে আৰম্ভ হৈছিল এই আচঁনি। ১৮ৰ পৰা ৪০বছৰ বয়সৰ যিকোনো লোকে এই Atal Pension Yojana- APY একাউন্ট খুলি বৃদ্ধ বয়সত লাভ কৰিব পাৰে ১০হাজাৰ টকাকৈ পেঞ্চন। এই আচনি অনুসৰি ৬০বছৰৰ পাছত এগৰাকী লোকক মাহে দিয়া হয় ১০হাজাৰকৈ টকা।
এই আঁচনি অনুসৰি প্ৰতিমাহে ৫০০০হাজাৰ টকাকৈ পেঞ্চন পাবলৈ হলে জমা কৰিব লাগিব ২১০টকাকৈ আৰু ১০হাজাৰ টকাকৈ পেঞ্চন পাবলৈ হলে জমা কৰিব লাগিব ৪২০টকাকৈ। Atal Pension Yojana- APY ত একাউন্ট খোলাৰ পাছত যদিহে জমাকৰ্তাজনৰ পত্নী বা স্বামীৰ মৃত্যু হয় তেনেহলে লাভ কৰিব ৮লাখৰো অধিক টকা।