1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:10 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এয়াহে আচল ফলাফল! পৰিষ্কাৰ বুলি অসমবাসীয়ে সাত্ত্বনা লভিলে নহব…

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ স্বচ্ছ সৰ্বেক্ষণ ২০২১ৰ ফলাফলত উত্তৰ-পূবৰ বাবে থকা সুকীয়া শিতানত অসমৰ ৯খন জিলাই বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিতানত কিন্ত স্বচ্ছতাৰ ক্ষেত্ৰত অসম তথা গুৱাহাটীৰ সূচাংক অতিকৈ শোচনীয়। কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে পৰিচালনা কৰা জৰীপৰ ভিত্তিত প্ৰদান কৰা এই সৰ্বেক্ষণত দেশৰ সৰ্বমুঠ ৪৩২০খন চহৰ সাঙুৰি লোৱা হৈছিল ।

ইয়াৰ ভিতৰত গুৱাহাটীয়ে ১৬৫২.৫৩ নম্বৰৰে (Dirty City) ২৭০২নং স্থান লাভ কৰিছে । ডিব্রুগড়ৰ স্থান ২৬৮৯ সংখ্যক । ৩১১৮নং স্থানত যোৰহাট । শিলচৰৰ স্থান ৩৪৬৪ সংখ্যক । সচৰাচৰ পৰিষ্কাৰ বুলি জনাজাত শ্বিলঙৰ স্থান আৰু শোচনীয় । মেঘালয়ৰ ৰাজধানী চহৰখনৰ স্থান আছেগৈ ৪০৮০সংখ্যক স্থানত। ৰাজ্যিক স্তৰতো অসমৰ প্ৰদৰ্শন লেখত ল’বলগীয়া নাছিল । ৪১৭৫ নম্বৰৰ সৈতে চট্টিশগড় শীর্ষত থকাৰ বিপৰীতে অসমে ৯৫০ নম্বৰেৰে ২১তম স্থান দখল কৰিছে (Dirty State)।

কিন্তু ইয়াৰ বিপৰীতে এই সৰ্বেক্ষণত উত্তৰ-পূবৰ বাবে থকা সুকীয়া শিতানত অসমৰ প্ৰদৰ্শন কিছু উন্নত । উত্তৰ পূৱৰ ১ লক্ষৰ ওপৰৰ জনসংখ্যাৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হৈছে তেজপুৰ । দ্বিতীয় স্থানত আছে মিজোৰামৰ লুংলেই । তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে বঙাইগাঁও, যোৰহাট আৰু তিনিচুকীয়া ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme