ডিজিটেল ডেস্কঃ নিৰ্দিষ্ট কেইজনমান বিষয়া আৰু জোৱানৰ বাবে সময়ে সময়ে বদনাম হয় অসম আৰক্ষীৰ। শেহতীয়াকৈ পুনৰ এজন বিষয়াই লজ্জানত কৰিলে অসম আৰক্ষীক। ভুৱা গোচৰ তৰি উৎকোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ হব লগা হল খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়া গৰাকী। OC উৎপল বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, ধুলা থানাৰ OC হৈ থাকোতে সংঘটিত কৰিছিল এই ঘটনা। এগৰাকী চিকিৎসক আৰু শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰিছিল ভুৱা গোচৰ। আৰু তাৰ পিছতে দুয়োগৰাকীৰ পৰা ৫ লাখ টকাৰ উৎকোচ বিচাৰিছিল উৎপল বৰাই। এই অপকৰ্ম সংঘটিত কৰা বিষয়াগৰাকী শেহতীয়াকৈ পৰিল জালত।