ডিজিটেল ডেস্কঃ এনিশাত তিনিটা এনকাউন্টাৰ। অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ এই এনকাউন্টাৰ। শুকুৰবাৰে নিশা অসমৰ তিনিস্থানত সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা। লামডিং, ডবকাৰ লগতে আমিনগাঁৱত নিশা আৰক্ষীৰ এই এনকাউন্টাৰে কপাঁই গৈছে সমগ্ৰ অসম।
আমিনগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী কৰাৰ লগতে ডবকা আৰু লামডিঙত অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। শুকুৰবাৰৰ অভিযান কালত ৪কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছে ৪সৰবৰাহকাৰী।