ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰূপায়ন কৰি থকা “ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি”ৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত দৰং জিলাৰ মঙ্গলদৈত মঙলবাৰে অংশ গ্ৰহণ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা কেন্দ্ৰীয় ভাৱে ১ এপ্ৰিল, ২০১৯ তাৰিখ বা তাৰ পাছত পাছত স্বামীহাৰা হোৱা ১৮ ৰ পৰা ৪৫ বছৰৰ প্ৰায় ১২,০০০ বিধৱা মহিলা সকলৰ কল্যাণৰ বাবে ২৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান প্ৰক্ৰিয়া শুভাৰম্ভণি কৰিছিল।
এই অনুষ্ঠানটিত উপস্থিত থাকি দৰং জিলাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত পৰবৰ্তী সময়ত বানপানীৰ পৰা মুক্ত কৰাৰ লগতে ভঙা মঠাউৰী অতি সোনকালেই মেৰামতি কৰা হব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী পিয়ুষ হাজৰিকাই অসম চৰকাৰৰ নিযুক্তি সম্পৰ্কত দালাল আৰু প্ৰবঞ্চকৰ পৰা আতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়।
নিযুক্তিৰ ক্ষেত্ৰত দালালি কৰা প্ৰবঞ্চকক কঠোৰ হাতেৰে দমন কৰিব বুলি মন্তব্য প্ৰদান কৰে। ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া,মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দলগাও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা।