ডিজিটেল ডেস্কঃ ৰাজ্যৰ যুৱকসকলৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰে ৰাজ্যৰ সহস্ৰাধিক যুৱকৰ বাবে লৈ আহিছে এই ভাল খবৰটো। প্ৰায় ২২হাজাৰ যুৱকে প্ৰতিমাহে লাভ কৰিব ৬৫০০টকাকৈ ধন। এই সন্দৰ্ভত ইতিমধ্যে কেবিনেটে সিদ্ধান্তও গ্ৰহণ কৰিছে। যোৱা শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেটে।
জলজীৱন মিছনৰ অধীনত ৰাজ্যৰ ২২ হাজাৰ যুৱকক প্ৰতিমাহে ৬,৫০০ টকা প্ৰদান কৰিব। জলজীৱন মিছনৰ অন্তৰ্ভুক্ত যুৱকসকলক। এই সন্দৰ্ভত ৰঞ্জিত দাসে সদৰি কৰিছে যে, জলজীৱন মিছনৰ ছিংগেল ভিলেজ আঁচনিৰ অধীনত ২২ হাজাৰ যুৱকক (22000 youth) নিযুক্তি দি এই ধন আগবঢ়োৱা হ’ব।
তেওঁ লগতে কয়, জলজীৱন মিছনৰ সৈতে বছৰ বছৰ ধৰি বহু ব্যক্তি জড়িত আছিল। কোনোৱে মাটি দান কৰিও এই দিশত অৱদান আগবঢ়াইছিল। এতিয়া চৰকাৰে তেওঁলোককো এনে আঁচনিৰ অধীনত মাননি প্ৰদান কৰিব।