1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 8:54 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

বাজেট ভাষণ LIVE… কি আছে এইবাৰৰ বাজেটত?

  • Update Time : Wednesday, March 16, 2022
  • জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেৰে বাজেট ভাষণ আৰম্ভ বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
  • ৰাজ্যৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নতি সাধনৰ উদ্দেশ্য এই বাজেট বুলি মন্তব্য নেওঁগৰ।
  • ৩কোটি ৩০লাখ জনতাৰ কথা ভাৱি আৰু উন্নয়নৰ গতি তুৰাম্বিত কৰাৰ উদ্দেশ্য এই বাজেট।
  • মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰি বাজেট ভাষণ আৰম্ভ বিত্তমন্ত্ৰীৰ।
  • বিনিয়োগত অধিক গুৰুত্ব দি বাজেট প্ৰস্তুত।
  • ৰাজ্যিক ঘৰুৱা উৎপাদন ৪,৩৩৯২৫ কোটি হোৱাৰ লক্ষ্য।
  • ২০২০-২১ তকৈ ১৩.৮৯% জিডিপি বৃদ্ধিৰ লক্ষ্য।
  • লখিমপুৰ-যোৰহাট সংযোগী দলং সম্পূৰ্ণ কৰাৰ লক্ষ্য।
  • ১৯ খন নতুন অভাৰব্ৰীজ নিৰ্মাণৰ সিদ্ধান্ত।
  • হিন্দুস্তান কাগজকলৰ নামত ব্যয় কৰা হব ৭০০কোটি।
  • পথ নিৰ্মাণৰ বাবে চাৰিখন নতুন আচনি।
  • স্বনিৰ্ভৰশীল আচনিৰ নাৰীৰ নামত ধন।
  • পৰিবহণ বিভাগত চাৰিখন নতুন আঁচনি।
  • ৩০০০ কিঃমিঃ পথৰ বাবে ২৫৫০ কোটি টকা ধাৰ্য।
  • পাগলাদিয়াৰ ওপৰত হব নতুন দলং।
  • কৃষি আৰু পৰ্যটন উন্নয়নৰ সিদ্ধান্ত।
  • কাৰ্বিআংলং আৰু শিলচৰত দুটা নতুন বিমান বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত।
  • সমাজৰ দুৰ্বল শ্ৰেণীক সবল কৰাৰ প্ৰয়াস।
  • প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ অধীনত ২৮ কিঃমিঃ পথ নিৰ্মাণ।
  • বাজেট ভাষণত আলাবৈৰ ৰণৰ প্ৰসংগ উল্লেখ।
  • কামৰূপৰ আলাবৈত নিৰ্মাণ হব ১০০ফুট দৈৰ্ঘ্যৰ  হেংদাং।
  • দিল্লীত অনুষ্ঠিত হব লাচিত বৰফুকন স্মাৰক বক্তৃতা।
  • ডিব্ৰুগড়ৰ মানকটাত নতুন অভাৰব্ৰীজ নিৰ্মাণৰ প্ৰকল্প।
  • ঐতিহ্যথলী হিচাপে গঢ়া হব যোৰহাট কাৰাগাৰক।
  • গোৱালপৰীয়া লোকগীত সংৰক্ষণৰ ব্যৱস্থাৰো প্ৰস্তাৱ।
  • সকলো বতৰৰ উপযোগী বুনিয়াদী পথ নিৰ্মাণৰো প্ৰস্তাৱ।
  • ১লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
  • নিযুক্তি প্ৰক্ৰিয়া নিকা কৰিবলৈ দুখন আয়োগ গঠনৰ কথা উল্লেখ।
  • ৫০৯৩০ টা পদত ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।
  • মহিলা সৱলীকৰণৰ বাবে ২৫০০ কোটি টকা ধাৰ্য্য।
  • ২০ লাখ অৰুণোদয়ৰ হিতাধীকাৰীলৈ ১০০০ টকাকৈ প্ৰদান কৰা হৈছে।
  • বহাগ বিহুৰ পূৰ্বে ঋণ ৰেহাই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হব।
  • শিক্ষাব্যৱস্থা উন্নত কৰাৰ লক্ষ্য বাজেটত।
  • চাহ বাগিছাৰ যুৱকসকলক প্ৰদান কৰা হব বিশেষ দক্ষতামূলক প্ৰশিক্ষণ।
  • অসম চাহ নিগমৰ কৰ্মচাৰীসকলৰ বাবে বাজেটত আছে সুখবৰ।
  • অসম ভূমি নীতি ২০১৯ৰ পুনৰ সংশোধন কৰা হব।
  • চাহ বাগিচা অঞ্চলৰ ছাত্ৰীৰ বাবে সুমংগলা আঁচনি ঘোষণা।
  • প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত দৰিদ্ৰ শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া পাঠ্যপুথি, হোষ্টেলৰ ফিজ ৰেহাই।
  • আনন্দৰাম বৰুৱা বঁটা এইবাৰো ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব।
  • প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে ৪১০ কোটি টকা ঘোষণা।
  • অসম দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য হিচাপে পৰিগণিত হব।
  • কাজিৰঙাত বন্য জীৱজন্তুৰ সুৰক্ষাৰ বাবে এলিভেটৰ আৰু সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ।
  • এলিভেটৰ আৰু সুৰংগ পথ নিৰ্মাণৰ বাবে ৪৮৬৫ কোটি টকা ধাৰ্য্য।
  • গুৱাহাটী মহানগৰত ১০০খন চিএনজি যুক্ত বাছ চলাচলৰ ব্যৱস্থা কৰা হব।
  • মে মাহৰ ভিতৰত ডিফু কেন্সাৰ হাস্পতাল সম্পূৰ্ণ কৰাৰ লক্ষ্য।
  • ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ , যোৰহাট, লখিমপুৰ আৰু দৰঙত ৭খন কৰ্কট ৰোগৰ হাস্পতাল স্থাপনৰ প্ৰস্তাৱ।
  • জিএমচিএইছৰ কৰ্কট প্ৰতিষ্ঠানত ৰবটিক অস্ত্ৰোপচাৰ গোট স্থাপনৰ প্ৰস্তাৱ।
  • শিৱসাগৰ , কৰিমগঞ্জ আৰু গোৱালপাৰাত তিনিখন নতুন  মেডিকেল কলেজ স্থাপনৰ প্ৰস্তাৱ।
  • আইআইটি গুৱাহাটীত স্থাপন কৰা হব উন্নত চুপাৰ স্পেছিয়েলিটি হাস্পতাল।
  •  ১০০০টা বুনিয়াদী স্বাস্থ্যকেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ।
  • দুধনৈ আৰু পলাশবাৰীত দুখন নতুন আয়ুৰ্বেদিক মহাবিদ্য়ালয় স্থাপনৰ প্ৰস্তাৱ।
  • চেৰিব্ৰেল পালছি ৰোগত আক্ৰান্ত শিশুসকলৰ সহায়ৰ বাবে স্নেহস্পৰ্শ প্লাছ আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ।
  • ৬৬৬ খন জৰীপ সম্পূৰ্ণ গাঁৱৰ ভূমি নথি আৰু মানচিত্ৰ ডিজিটেলাইছ কৰা হব।
  • ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভৰ বাসিন্দাই পাব পাৰে ভূমিৰ অধিকাৰ।
  • এই বিত্তীয় বৰ্ষত মিছন বসুন্ধৰাৰ বাবে ৭৫ কোটি টকা ধাৰ্য্য।
  • অৱসৰৰ পিছত সকলো লাভালাভৰ বাবে একক উইণ্ডৰ ব্যৱস্থা কৰা হব।
  • কম্পিউটাৰ আৰু অতিৰিক্ত শিক্ষকৰ দৰমহা চিলিঙমুক্ত কৰা হব।
  • প্ৰাকৃতিক কৃষি পদ্ধতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰস্তাৱ।
  • ২০২৩ বৰ্ষত মৰুৱা ধান বৰ্ষ হিচাপে উদযাপনৰ প্ৰস্তাৱ।
  • ১০ কোটি টকা আবণ্টনেৰে ৪০খন বীজপাম পুনৰ উজ্জীৱিতকৰণৰ প্ৰস্তাৱ।
  • বিদ্যুত মাছুলৰ নিৰিখ হ্ৰাস কৰাৰ লক্ষ্যেৰে এপিডিচিএলক ৫০০কোটি টকাৰ ৰাজসাহাজ্য।
  • মুখ্যমন্ত্ৰীৰ সৌৰশক্তি প্ৰকল্পৰ অধীনত ১০০০ মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি উৎপাদন প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ।
  • শীঘ্ৰে আৰম্ভ হব ৭০ মেগাৱাট শক্তিসম্পন্ন আমগুৰি সৌৰশক্তি প্ৰকল্প।
  • ১০০ কোটিতকৈ অধিক বিনিয়োগ কৰা উদ্যোগসমূহলৈ কৰ উদগনি তথা মূলধনী ৰাজসাহাজ্য প্ৰদানৰ প্ৰস্তাৱ।
  • ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৩০০কোটি আৱণ্টনৰ প্ৰস্তাৱ।
  • TISS-ৰ আন্তগাঁথনি উন্নয়নৰ বাবে ১৫কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ।
  • হাফলং মহাবিদ্যালয়ৰ বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকা ধাৰ্য।
  • কলিয়াবৰত নতুন বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ।
  • যুৱ আয়োগক কাম-কাজৰ সক্ষমতা প্ৰদানৰ বাবে অৰ্ধন্যায়িক ক্ষমতা প্ৰদানৰ প্ৰস্তাৱ।
  • ১০০০ একৰ ভূমিত অমৃত জিআইজি মহানগৰ গঢ়ি তোলাৰ প্ৰস্তাৱ।
  • চাহ আৰু নদী পৰ্যটনৰ বাবে ৫০ কোটি ধাৰ্য।
  • অসম জ্ঞান নেটৱৰ্কৰ বাবে ২৩.৭৫ কোটি টকা ধাৰ্য।
  • পুনৰ গঠন কৰা হব জিলা শিশু অধিকাৰ সমিতি।
  • আকস্মিক পুঁজিৰ কৰ্পাছ বৰ্তমানৰ ২০০ কোটিৰ পৰা ২০০০ কোটিলৈ বৃদ্ধিৰ সিদ্ধান্ত।
  • ১০০০০ দৰ্শক বহিব পৰা এখন নতুন ফুটবল ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাৱ।
  • ১১ খন জিলাত আৱৰ্ত ভৱনৰ সৌন্দৰ্যবৰ্ধন কৰা হব।
  • সুৰাৰ বটলত QR কোডৰ সৈতে নষ্ট কৰিব নোৱৰা উচ্চ সুৰক্ষাযুক্ত হোলোগ্ৰাম লগোৱাৰ ব্যৱস্থা কৰা হব।
  • অনলাইন ব্যৱস্থাৰে শিপিনীৰ পৰা ক্ৰয় কৰা হব হস্ততাঁত সামগ্ৰী।
  • দুগ্ধ বিপ্লৱৰ বাবে বাজেটত ৩৭.২৫ কোটি টকাৰ আৱণ্টন।
  • অসম নগৰীয় প্ৰশাসনীয় সেৱা, অসম নগৰীয় প্ৰশাসনিক সেৱা আৰু অসম নগৰীয় বিত্তীয় সেৱা শীৰ্ষক তিনিটা পৌৰ কেদাৰ গঠনৰ প্ৰস্তাৱ।
  • ২৫০ খন আদৰ্শ গাঁও নিৰ্মাণৰ প্ৰস্তাৱ। ইয়াৰ বাবে ১১৮ কোটি টকা ধাৰ্য।
  • জলবায়ু অনুকূল গাঁৱৰ বাবে বিশেষ ফেলশ্বিপৰ প্ৰস্তাৱ। ১ বছৰৰ বাবে ২০ হাজাৰ টকাকৈ পাব ফেলশ্বিপ।
  • ষ্টাৰ্ট আপ বিনিয়োগ পুঁজি গঠনৰ বাবে ৯.৫০ কোটি টকা ধাৰ্য।
  • (মিনিটে মিনিটে আপডেট চাবৰ বাবে ৰিফ্ৰেছ বুটামত ক্লিক কৰি থাকিব।)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme