1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 12:29 pm

Artificial Intelligence ক লৈ অত্যধিক উৎসাহ নেদেখুওৱাই ভাল!

  • Update Time : Sunday, November 12, 2023

মৃণাল গোস্বামীৰ Wallৰ পৰা
#পৰিৱৰ্তিত বিশ্বৰ বাবে আমি সাজু নে??
বিশ্বৰ আটাইতকৈ ধনী মানুহ এলন মাস্কে এই নৱেম্বৰ প্ৰথম সপ্তাহত বৃটিছ প্রধান মন্ত্ৰী ঋষি শুনকৰ লগত এটা টিভি বাৰ্তালাপত কৈছে যে ভৱিষ্যতৰ পৃথিৱীত মানুহৰ কাম নোহোৱা হব, মানুহে চাকৰি যদি কৰেও সেয়া চখত হে কৰিব। এই সকল লোকৰ কথা হৃদয়ংগম কৰাৰ প্ৰয়োজন, পৃথিৱীৰ প্ৰখৰ দুৰদৃষ্টি সম্পন্ন লোকৰ অন্যতম এওঁলোক। তেওঁ ইয়াকো কৈছে যে মানুহৰ স্থান লব AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাই । তাৰ পূৰ্বভাষ পাইছো ইতিমধ্যে, দ্ৰুত বেগী বুলেট ট্ৰেইন হওক বা মেট্ৰো ট্ৰেইন হওক চলাবলৈ মানুহ নালাগে আজিকালি। বিমানো সম্পূৰ্ণ ৰূপে পাইলত নোহোৱাকৈ চলোৱাৰ পৰীক্ষণ চলি আছে, ইতিমধ্যে বিমান চলোৱা 80% কাম কম্পিউটাৰে কৰেই যাক অটো পাইলট কোৱা হয়। এদিন হয়তো গাড়ী সমূহ চলিব ড্ৰাইভাৰ নোহোৱাকৈ। বেংক বা অন্য ব্যৱসায়িক খণ্ড সমূহত কম্পিউটাৰৰ প্ৰচলন বাবে মানুহৰ কাম বহুত কমি গল আৰু এতিয়া এ আই অহাৰ পাছত অৱশিষ্ট চাকৰি সমূহৰো বহু খিনি কমি যাব। চৰকাৰী বিভাগ সমূহৰ কামো চলাব এ আই য়ে, সেইবোৰ ইমান জটিল কাম নহয়। চিকিৎসা বিজ্ঞানত ৰবটিক অস্ত্ৰোপচাৰ হৈছেই আৰু তাৰ লগত যদি এ আই লগাই দিয়া যায় মানুহ নোহোৱাকৈ অস্ত্ৰোপচাৰ সম্ভব হব হয়তো । আনকি টি ভি ৰ এংকৰৰ কামো আজিকালি এ আই এ কৰিব লৈছে। ঘৰ বনোৱা, ৰাস্তা বনোৱা ,খেতি বাতি সকলোতে মেচিনৰ প্ৰয়োগ হয় আজিকালি আৰু সেই মেচিন এদিন এ আই ৰ দ্বাৰা পৰিচালিত হবগৈ চাগৈ। এলন মাস্কে কৈছে যে এজন অত্যন্ত মেধাবী ব্যক্তিতকৈ এ আই বেছি মেধাবী ,বেছি দক্ষ। হবই সেয়া, কাৰণ আমি পোন্ধৰ বিশ বছৰে কিতাপ পঢ়ি যি শিকো সেয়া এ আই ত ৰেডিমেদ ভৰোৱা থাকে, বিশ্বৰ সকলো কিতাপৰ জ্ঞান তাত ভৰাব পাৰি।
বিষয়টো হৈ মই দুদিন মান চিন্তাত আছিলো, সকলো এ আই য়ে কৰিলে মানুহে কি কৰিব?? ভাবি চিন্তি এটা সিদ্ধান্তলৈ আহিলো যে মানুহৰ সকলো কাম এ আই য়ে কাঢ়ি নিলেও মানুহৰ মৌলিক সৃজনশীলতা কাঢ়ি নিব নোৱাৰে এ আই য়ে, নতুন আবিষ্কাৰ কৰিব নোৱাৰে এ আই য়ে,এখন মৌলিক চিন্তাৰ উপন্যাস লিখিব নোৱাৰে এ আই য়ে, আনকি এটা মৌলিক কবিতা লিখিব নোৱাৰে এ আই য়ে, বিজ্ঞানৰ নতুন উদ্ভাৱন কৰিব নোৱাৰে এ আই য়ে। সেইখিনিতে হয়তো মানুহৰ ওচৰত হাৰি যাব মেচিন বা এ আই, সৃজনশীলতা থাকে মানুহৰ হে ,এ আইৰ নাথাকে, এ আই য়ে এখন ছবি আঁকিব পাৰিব কিন্তু তাৰ কাঠামো প্ৰস্তুত কৰিব লাগিব মানুহেই।
নব্বৈ বা কুৰি দশকত আমাৰ লগৰ যিবিলাক লৰা ছোৱালীয়ে আই টি লাইনত গৈ বাঙ্গালুৰু বা আমেৰিকাত কাম কৰিছিল তেওঁলোকৰে দুজনমানে মোক কৈছিল যে অসমৰ পৰা যোৱা লৰা ছোৱালী সমূহৰ এটা কথাত বিশেষ আদৰ আছে আৰু সেয়া হল অসমীয়া লৰা ছোৱালী সমূহৰ সৃজনশীলতা আছিল। মই বুজি পোৱা নাছিলো অসমীয়া লৰা ছোৱালী সমূহৰ সৃজনশীলতা অন্যৰ ৰাজ্যৰ তুলনাত বেছি কেনেকৈ হল?? এতিয়া বুজি পাইছো যে কি কাৰণে তেওঁলোক সৃজনশীল আছিল। তেতিয়াৰ অসমৰ অধিকাংশ বিদ্যালয় অসমৰ ছেবাৰ পাঠ্যক্ৰমত চলিছিল, অসমীয়াত বা মাতৃ ভাষাত শিক্ষা প্ৰদান কৰা হৈছিল,নম্বৰৰ প্ৰতিযোগিতা কম আছিল ,তেতিয়াৰ দিনত ষাঠি সত্তৰ শতাংশ পোৱা জনক মেধাবীৰ শাৰীত ধৰা হয় আৰু সেই নম্বৰ পাই অসমৰ মহাবিদ্যালয় সমূহত চিট পোৱাৰ কোনো অসুবিধা হোৱা নাছিল। তেতিয়াৰ লৰা ছোৱালী সমূহে পাঠ্যক্ৰমৰ বাহিৰেও অন্য কিতাপ পঢ়িছিল, বাতৰি কাকত পঢ়িছিল, বিভিন্ন সামাজিক অনুষ্ঠান আদিত ভাগ লৈছিল আৰু সেইদৰে সৃজনশীলতাৰ বিকাশ হৈছিল। তাৰ পিছত আহিল দিল্লী বিশ্ববিদ্যালয়ত চিট পোৱাৰ কথা, নম্বৰৰ প্ৰতিযোগিতা ,ইংৰাজীত ফৰফৰাই কথা কোৱাৰ প্ৰয়োজনীয়তা আৰু যাৰ বাবে লৰা ছোৱালী সমূহক অভিভাৱক সকলে চি বি এছ চি ৰ ইংৰাজী মাধ্যমত পঢ়োৱাবলৈ আগ্ৰহী হয়।
প্ৰশ্ন হয় এতিয়া অসমীয়া লৰা ছোৱালীৰ সেই সৃজনশীলতা আছে নে?? অহৰহ নম্বৰৰ প্ৰতিযোগিতাত থকা চি বি এছ চি পাঠ্যক্ৰমৰ লৰা ছোৱালী সমূহৰ সেই সৃজনশীলতা থাকেগৈ নে??
পৰৱৰ্তী পৃথিৱী মানুহৰ সৃজনশীলতাৰ, আমি লৰা ছোৱালীক নম্বৰ গোটোৱা মেচিন বনাই লাভ নহব কাৰণ মানুহে হাজাৰ চেষ্টা কৰিলেও এ আই ৰ লগত পাঠ্যপুথিৰ জ্ঞানৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰিব নোৱাৰে। গতিকে লৰা ছোৱালীক আহিব ধৰা নতুন পৃথিৱীখনত খাপ খুৱাই চলিবলৈ সৃজনশীল হিচাপে প্ৰস্তুত কৰিব লাগিব। মনত ৰাখিব ইউৰোপৰ উদ্যোগ বিপ্লৱৰ সময়ত আবিষ্কাৰ হোৱা অধিকাংশ মেচিন বিশ্ববিদ্যালয়ৰ দুৱাৰ নেদেখা লোকে আবিষ্কাৰ কৰিছিল। স্কাণ্ডিনেভিয়ান দেশৰ লোকৰ সৃজনশীলতা বিশ্বৰ ভিতৰতে বেছি কোৱা হয় কিন্তু তেওঁলোকৰ বহু বিদ্যালয়ত ক্লাছ 12 লৈকে লৰা ছোৱালীয়ে কিতাপ ঘৰলৈ নিনিয়ে, স্কুলতে থৈ যায় , অৰ্থাৎ স্কুলৰ বাহিৰৰ সময় খিনি তেওঁলোকৰ নিজা সময়, তেতিয়া তেওঁলোকৰ নিজা মন মৰ্জিত কাম কৰে, হয়তো তাৰ বাবেই তেওঁলোকৰ সৃজনশীলতা বেছি। আমাৰ মেট মৰা কিতাপ বহীৰ মোনা কঢ়িয়াই হাড় বেকা হৈ কুজা হৈ পৰা লৰা ছোৱালী সমূহে হম ৱৰ্কৰ বোজাৰ ভৰত পৃথিৱী খন চাবলৈ সময় পায় জানো,সৃজনশীলতাক উৎসাহ দিয়ে নে পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাই ? আমি ভাৰতীয় সকলে ,অসমীয়া সকল কল্পনা প্ৰবন, জেনেটিক ভাবে অমিয়ো সৃজনশীলতাৰ গুণ পাইছিলো, কিন্তু নম্বৰৰ প্ৰতিযোগিতাত নামি সেয়া হেৰুৱাই পেলাইছো নেকি??সৃজনশীলতা হেৰুৱাই আকৌ বিদেশী শক্তিৰ ওচৰত গোলাম হৈ পৰিব লাগিব নেকি??
সমাজে মন্থন কৰাৰ প্ৰয়োজন আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme