ডিজিটেল ডেস্কঃ বহু প্ৰতিক্ষাৰ অন্ত অৱশেষত ৰূপালী পৰ্দাত ভৰি থলে শ্বাহৰুখৰ ডাঙৰ পু্ত্ৰ আৰিয়ান খানে। নানা বিৰ্তকই লগ নেৰা আৰিয়ানে ৰূপালী পৰ্দাত খোজ পেলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সকলো উতকন্ঠিত হৈ পৰিছে। সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে- কি চিনেমাৰে ৰূপালী পৰ্দাত প্ৰৱেশ কৰিব শ্বাহৰুখৰ তনয়ে।
কিন্তু আমি ভাৱি থকাৰ দৰে কোনো চিনেমাৰ জৰিয়তে নহয়, বৰঞ্চ বিজ্ঞাপনৰ জৰিয়তে ৰূপালী পৰ্দাত ভৰি থলে আৰিয়ানে। এটা আন্তৰাষ্ট্ৰীয় জোতা কোম্পানীৰ বিজ্ঞাপনত কেমেৰাৰ সন্মুখত প’জ দিলে আৰিয়ানে। কোম্পানীটোৰ বাবে উঠা এই ফটোবোৰ বিশেষ ভাৱে নিজা ছচিয়েল মিডিয়া একাউন্টত শ্বেয়াৰো কৰিলে আৰিয়ানে।
সূত্ৰৰ খবৰ অনুসৰি, আৰিয়ানে এতিয়াই বলিউদত প্ৰৱেশ কৰাৰ কথা ভৱা নাই। তেওঁ এতিয়া এখন ৱেবচিৰিজৰ কামত ব্যস্ত। এই ৱেব চিৰিজখনৰ চিত্ৰনাট্যৰ লগতে পৰিচালনাও কৰিব আৰিয়ানে।