ডিজিটেল ডেস্কঃ ২০১৫ চনৰ ২৭ জুলাই । এই দিনটোতেই শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)-ত Livable Planet earth বিষয়ত বক্তৃতা প্ৰদান কৰি থাকোঁতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হৈছিল। সুস্থ কৰি তুলিবলৈ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সেইদিনাই সন্ধিয়া ৭:৪৫ বজাত বেথানী চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে। মৃত্যুৰ আগমূৰ্হুতৰ ফটো এইখন-
১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয়। তেখেতৰ পিতৃ জয়নাল আবদিন এগৰাকী নাৱৰীয়া আৰু মাতৃ অসীমা এগৰাকী গৃহিনী আছিল। ভিন্ন ভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ডাঙৰ হ’লেও কালামে এক নিৰ্দিষ্ট ধৰ্মীয় নিয়মাৱলী পালন কৰি চলিছিল। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত দেউতাকক আৰ্থিক সকাহ দিবলৈ তেওঁ বাতৰি কাকত বিক্ৰী কৰাৰ কাম লৈছিল।বিদ্যালয়ত তেওঁ মজলীয়া গ্ৰেড পাইছিল যদিও তেওঁ শিকিবলৈ অত্যন্ত ইচ্ছুক আৰু অনেক সময় পঢ়া-শুনাত, বিশেষকৈ অংকত, ব্যস্ত থকা ছাত্ৰ আছিল বুলি জনা যায়।
তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ’স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ’) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল।
কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে “ভাৰতৰ মিছাইল মানৱ”। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে।১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ “পোখৰান-২” পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক’ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাবা আৰু বিক্ৰম সাৰাভাইয়ে কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল।
২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram)-ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ’স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে।
জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল। যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত “মই কি দিব পাৰোঁ” (What Can I Give Movement) নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তিপ্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল।