1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:05 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

মাত্ৰ ৫মিনিট! ৭২টা জীৱন শেষ, থান-বান হ’ল অঞ্জুৰ সপোন…

  • Update Time : Monday, January 16, 2023

ডিজিটেল ডেস্কঃ সকলো বিধিৰ বিধান বুলিয়েই এতিয়া পৰিয়ালটোৱে দুখ পাতলাইছে। কাৰ কপালত কেতিয়া কি হয় সেই কথা ওপৰ জনাই আগতেই লিখি থয় বুলি কৈ নিজকে সান্তনা দিছে নেপালৰ সেই অভিশপ্ত বিমানখনৰ কো-পাইলট অঞ্জু খাটিৱাৰাৰ পৰিয়ালবৰ্গই। অভিশপ্ত সেই বিমানখন যদি আৰু ৫ মিনিটত সুকলমে বিমানখন পখৰাৰ বিমান বন্দৰ অৱতৰণ কৰিব পাৰিলে হেতেন তেন্তে অঞ্জুৱে লাভ কৰিলে হেতেন কেপ্টেইন হোৱা সুযোগ। কিন্তু অঞ্জুৰ কপালত নাছিল সেই সুবৰ্ণ সুযোগ। তাৰ পূৰ্বেই সংঘটিত হল এই ঘটনা আৰু প্ৰাণ গল ৭২গৰাকীকৈ যাত্ৰীৰ। বিমানখনত থকা সকলো যাত্ৰীৰেই প্ৰাণ গল এই দুৰ্ঘটনাত।

উল্লেখ কৰা প্ৰয়োজন যে, ৫গৰাকী ভাৰতীয়ৰ লগতে মুঠ ৭২গৰাকী লোকে প্ৰাণ হেৰুৱায় এই দুৰ্ঘটনাটোত। তথ্য অনুসৰি বিমানখনে কাঠমাণ্ডুৰ পৰা পুৱা ১০.৩২ বজাত উৰা মাৰিছিল। বিমানখনৰ সৈতে অন্তিম সম্পৰ্ক আছিল পুৱা ১০.৫০ বজাত। নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ মুখপাত্ৰ জগন্নাথ নিৰুলাই এই বিষয়ে তথ্য প্ৰকাশ কৰি কৈছে যে, বিমানখনত থকা ৭২ জন যাত্ৰীৰ ভিতৰত নেপালৰ যাত্ৰী আছিল ৫৩ জন। ভাৰতৰ যাত্ৰী আছিল পাঁচজন।

আনহাতে বিমানখনত আছিল ৰাছিয়াৰ চাৰিজন, কোৰিয়াৰ দুজন আৰু আয়াৰলেণ্ড, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ এজনকৈ যাত্ৰী। উল্লেখ্য যে ২০২২ ত নেপালত সংঘটিত হৈছিল আন এক বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত তাৰা এয়াৰ লাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰ মুঠ ২২ জন লোকে প্ৰাণ হেৰুৱাইছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme