ডিজিটেল ডেস্কঃ লখিমপুৰত আনন্দ মিশ্ৰক এছ পি হিচাপে নিযুক্তি দিয়াৰ পিছতে সংবাদমাধ্যমৰ শিৰোনামত আছে আৰক্ষী বিষয়াগৰাকী। নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত থকা সকলোকে গ্ৰেপ্তাৰ কৰাৰ পণ লোৱা বিষয়াগৰাকীয়ে পূৰ্ণদম্যে আৰম্ভ কৰিছে অভিযান। এই অভিযানত সচেতন নাগৰিকে সংগ দিয়াৰ উপৰিও নকল সোণৰ বেহাৰ সৈতে জড়িত থকাসকলে থৰহৰি কম্পমান হৈ চাৰেণ্ডাৰ কৰিবলৈ থানাত লাইন ধৰিছেহি।
এই সকলোবোৰ খবৰ সবিস্তাৰে সময়ৰ খবৰ সময়ত প্ৰকাশ হৈছে সংবাদমাধ্যমত। সংবাদমাধ্যমে জোনমণি ৰাভাৰ তদন্ত প্ৰক্ৰিয়াৰ মাজতে নতুনকৈ আনন্দ মিশ্ৰৰ সকলো খবৰ পুংখানুপুংখ ভাৱে পৰিৱেশন কৰাৰ মাজতে আনন্দ মিশ্ৰই সংবাদমাধ্যমক তেওঁৰ পৰা কিছু আতঁৰত থাকিবলৈ অনুৰোধ কৰাহে দেখা গল।
এক বিশেষ বিষয়ক লৈ সংবাদমাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰোতে আনন্দ মিশ্ৰই অনুৰোধ কৰিলে যে, মোৰ পিছে পিছে বৰ বেছিকৈ ঘূৰি নুফুৰিব। কামবোৰ হৈ আছে আৰু ভালকৈ হৈ থাকিব লাগে। আপোনালোকে মোৰ খবৰ বেছিকৈ দেখাব নালাগে।
আনন্দ মিশ্ৰই আওপকীয়াকৈ লগতে ইয়াকো কলে যে, ইয়াৰ আগতে সংবাদমাধ্যমে তেওঁৰ খবৰ বেচিকৈ প্ৰকাশ কৰাৰ বাবে শেষত হিতে বিপৰীতহে হৈছিলগৈ। পূৰ্বৰ অভিজ্ঞতাৰ কথা মনত পেলাই এনেকৈ সংবাদমাধ্যমক অনুৰোধ কৰা দেখা হল আনন্দ মিশ্ৰই।