1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:45 am

কামৰূপ নে তিনিচুকীয়া? কোন জিলাৰ দায়িত্ব ল’ব আনন্দ মিশ্ৰই

  • Update Time : Sunday, February 13, 2022

ডিজিটেল ডেস্কঃ নগাঁৱৰ পৰা বদলিৰ পাছতে বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে আছে আনন্দ মিশ্ৰ। এনে পৰিস্থিতিৰ মাজতে কেইবাটাও খবৰে চৰ্চা লাভ কৰিছে। নতুনকৈ আনন্দ মিশ্ৰক কি দায়িত্ব অৰ্পন কৰিব তাক লৈ বিভিন্ন চৰ্চা সামাজিক মাধ্যমতো দেখা গৈছে।

একাংশই আশংকা প্ৰকাশ কৰিছে যে, কামৰূপ গ্ৰাম্যৰ দায়িত্ব অচিৰেই অৰ্পন কৰা হব মিশ্ৰক। কিন্তু ইয়াৰ বিপৰীতে IPS বিষয়াগৰাকী তিনিচুকীয়া জিলাত যোগদান কৰিব বুলি সামাজিক মাধ্যমসমূহত ব্যাপক চৰ্চা লাভ কৰিছে । ফেচবুক, হোৱাটচআপ আদি সামাজিক মাধ্যমত আৰক্ষী বিষয়াগৰাকীৰ ফটো সন্নিবিষ্ট কৰি বিভিন্নজনে তেওঁক তিনিচুকীয়ালৈ আদৰণি জনাইছে। এই আশংকাক লৈ সংবাদমাধ্যমত খবৰো প্ৰকাশ হোৱা দেখিবলৈ পোৱা হৈছে।

নগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল মিশ্ৰই। ইয়াৰ পিছতে কীৰ্তি কমল কাণ্ডক লৈ তেওঁ কৰা বিভিন্ন কাম-কাজৰ বাবে তেওঁক অসম আৰক্ষী মুখ্য কাৰ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। পিছে সময়েহে ক’ব মিশ্ৰক লৈ চলি থকা এই আশংকা সমূহৰ সত্যতা কিমান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme