1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

মগেম্ব’ খুশ হোৱাঃ HERO হ’বলৈ আহি কেনেকৈ হৈ পৰিছিল ভিলেইন…

  • Update Time : Thursday, June 22, 2023

ডিজিটেল ডেস্কঃ আজি যদি অমৰীশ পুৰী জীয়াই থাকিলেহেতেন, তেন্তে আজিৰ দিনটোত ৯১সংখ্যক জন্মদিন উদযাপন কৰিলেহেতেন অভিনেতাগৰাকীয়ে। অমৰীশ পুৰীক বলিউদৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ ভিলেইন বুলি কলেও ভুল কোৱা হয়তো নহব। কিয়নো খলনায়কৰ চৰিত্ৰত তেওঁৰ অভিনয় আজিও চিনেমাপ্ৰেমীৰ মনত খুদিত হৈ আছে।

প্ৰয়াত অভিনেতাগৰাকীয়ে চিনেমাত হিৰো হবলৈ আহি কেনেকৈ ভিলেইনৰ চৰিত্ৰত নিজকে খাপ খোৱাই তুলিছিল, সেয়া অতিকৈ ৰোমাঞ্চকৰ। তেওঁ সত্যদেৱ ডুবে আৰু গিৰীশ কৰ্ণাড আদিৰ দৰে বিখ্যাত নাট্যকাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছিল। ১৯৭০ চনত দেৱ আনন্দৰ প্ৰেম পূজাৰী ছবিৰ জৰিয়তে অমৰীশ পুৰীৰ বলীউডত অভিষেক ঘটিছিল।

অধিকাংশ ছবিতে খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা পুৰীয়ে প্ৰায় ৪০০ ৰো অধিক ছবিত অভিনয় কৰিছিল। মিষ্টাৰ ইণ্ডিয়াবিধাতামেৰি জংগত্ৰিদেৱঘায়লডামিনীকৰন–অৰ্জুননায়ক আদি ছবিৰ অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁৰ অভিনয়ৰ বাবে তিনিটা ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰিছে।

২০০৫ চনৰ ১২ জানুৱাৰীত ৭২ বছৰত মাইল’ডীচপ্লাষ্টিক ছাইনড্ৰ’ম নামৰ এবিধ জটিল ৰক্ত ৰোগত আক্ৰান্ত হৈ মুম্বাইত অমৰীশ পুৰীৰ মৃত্যু হৈছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এক বিশেষ সাক্ষাতকাৰত অমৰীশ পুৰীয়ে কৈছিল যে, তেওঁ প্ৰথমে হিৰো হোৱাৰ আশাৰে বলিউদত খোজ থৈছিল। কিন্তু তেওঁক এগৰাকী ছবি পৰিচালকে সেই সময়ত কলে যে, তেওঁৰ চেহেৰা হিৰোৰ দৰে নহয়।

ইয়াৰ পাছতে অমৰীশ পুৰী যথেষ্ট নিৰাশ হৈ পৰিছিল।  কিন্তু তাৰ পিছতো তেওঁ কেইবাখনো চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰি সেই সকলক উচিত উত্তৰ প্ৰদান কৰিছিল।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme