1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 6:14 pm

বিজেপিৰ কোলাত পাঞ্জাৱৰ ‘কেপ্তেইন’…

  • Update Time : Friday, December 17, 2021

ডিজিটেল ডেস্কঃ আগন্তুক বিধানসভা নিৰ্বাচনত পাঞ্জাৱত বিজেপিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনী যুঁজ দিব প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে। শুকুৰবাৰে এই ঘোষণা আনুষ্ঠানিকভাৱে কৰিলে সিঙে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ সৈতে দীঘলীয়া সাক্ষাতকাৰৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে সিঙে।

উল্লেেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছৰ সৈতে মনোমালিন্য হোৱাৰ পাছত অমৰিন্দৰ সিঙে নিজেই খুলিছিল এটা নতুন দল। বিজেপি আৰু অমৰিন্দৰ সিং একলগ হোৱাৰ বিপৰীতে আনটো মিত্ৰজোটত আছে কংগ্ৰেছ, আপ আৰু আকালী দলৰ দৰে আঞ্চলিক দল। মিত্ৰতাৰ সন্দৰ্ভত ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছতে অমৰিন্দৰ সিঙে কয়- বহুদিনৰে পৰা চিন্তা-চৰ্চা চলি আছিল। আৰু অৱশেষত আমি সিদ্ধান্ত ললো যে এইবাৰ আমি বিজেপিৰ প্ৰাৰ্থীকে সমৰ্থন কৰিম।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme