1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
March 29, 2025, 8:00 am

এই ঘটনা জানিলে আপুনিও গম পাব এলন মাস্কৰ দৰে ধনী কেনেকৈ হ’ব পাৰি….

  • Update Time : Wednesday, October 26, 2022

ডিজিটেল ডেস্কঃ   বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কৰ বহু নজনা কাহিনী সততেই সংবাদমাধ্যমত প্ৰকাশিত হয়।  শেহতীয়াকৈ এলন মাস্কৰ আন এটা বিশেষ ৰোমাঞ্চকৰ কাহিনী পোহৰলৈ আহিছে।  এলন মাস্কৰ কোম্পানীৰ পৰা এবাৰ অতিকৈ দক্ষ আৰু সুন্দৰী এগৰাকী কৰ্মচাৰীয়ে চাকৰি এৰিবৰ বাবে তেওঁক পদত্যাগ পত্ৰ দাখিল কৰিছিল।

পদত্যাগ পত্ৰখন পোৱাৰ পাছতে এলন মাস্কে হাঁহি মাৰি যুৱতী গৰাকীক দিলে এক কোটি টকাৰ চেক। চেক খন প্ৰদান কৰি এলন মাস্কে কলে- এই ধন তোমাক মই উপহাৰ দিছো। কিয় দিছো সেই কথা মোক তুমি ওলোটাই নুসুধিবা। এই টকাৰে তুমি ২১টা দিনৰ বাবে  সমগ্ৰ বিশ্বত যলৈকে যাব মন আছে তাত গৈ ফুৰি আহা।

কোটি টকাৰ চেক পাই যুৱতীগৰাকীয়ে ২১দিনৰ ভ্ৰমণৰ বাবে ওলাই গল। আৰু বিশ্বৰ ধুনীয়া ধুনীয়া স্থান ভ্ৰমণ কৰি আহি ২১দিনৰ মূৰত যুৱতীগৰাকী পুনৰ এলন মাস্কৰ ওচৰলৈ আহিল। এলন মাস্কে সেই সময়ত একো কথা নাপাতি হাঁহি হাঁহি পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি যুৱতীগৰাকীক বিদায় দিলে। যুৱতীগৰাকীয়ে তেতিয়া এলন মাস্কক সুধিলে- আপুনি মোক ২১দিনৰ ফুৰিবলৈ কিয় কোটি টকা দিলে। আপুনিতো মোক সেইদিনাই স্বাক্ষৰ কৰি বিদায় দিব পাৰিলেহেতেন!

যুৱতীগৰাকীক হাঁহি মাৰি এলন মাস্কে কলে-  আচলতে তুমি মোৰ কোম্পানীৰ অতিকৈ দক্ষ কৰ্মচাৰী। তোমাৰ পদত্যাগ পত্ৰ পাই মই ভয় খাইছিলো। ভাৱিছিলো যে, এতিয়া মোৰ কোম্পানী তোমাৰ অবিহনে কেনেকৈ চলিব। কিন্তু তোমাৰ সিদ্ধান্তক আদৰণি জনাই মই এই ২১টা দিন কাৰ্যালয় কেনেকৈ চলে চালো। আৰু দেখিলো যে, তোমাৰ অবিহনেও কাৰ্যালয় সুচলেই চলি আছে। গতিকে তুমি নহলেও মোৰ একো লোকচান নাই। গতিকে আজি তোমাক বিদায় দিলো।

এলন মাস্কৰ এই কাহিনী শুনি এতিয়া সকলোৱে কৈছে- বিশ্বৰ ধনী মানুহ তেওঁ এনেয়েই হোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme