1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:05 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মানুহে ভাৱে জংঘলী! কিন্তু তেওঁৰ চাৰ্টিফিকেট চাই আৰক্ষীয়েও দিলে চেল্যুট…

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ মানুহৰ জীৱন বৰ বিচিত্ৰ। কোনো মানুহে জীৱনত বিচাৰে ধন, সা-সম্পত্তি আৰু কোনোৱে বিচাৰে সহজ-সৰল জীৱন। এনে মানুহবোৰৰ ভিতৰত নিজৰ জীৱন আনৰ বাবে উতসৰ্গা কৰা লোকৰ সংখ্যা খুবেই কম। কিন্তু তাৰে মাজত এগৰাকী হৈছে আলোক সাগৰ। নামটো আপোনাৰ বাবে হয়তো অচিনাকি কিন্তু তেওঁৰ কাহিনী শুনিলে আপোনাৰে তেনেকৈ চিনাকি যেনেই লাগিব আৰু ভাৱিবলৈ বাধ্য হব যে, আজিৰ দিনটো এনেকুৱা মানুহ আছেনে।

দিল্লীৰ আই আই টিৰ পৰা ইলেক্টনিকেল ইঞ্জিনিয়াৰিং বিভাগত স্নাতক লৈ আমেৰিকাৰ হিউষ্টন ইউনিৰ্ভাৰচিটিৰ পৰা আলোক সাগৰে পি এইচি ডি উপাধি লাভ কৰিছিল। ইয়াৰ পাছতে তেওঁ দিল্লীৰ আই আই টিত শিক্ষক হিচাৰে যোগদান কৰিছিল আলোক সাগৰে। মাহিলী লাখ টকাৰ দৰমহা পোৱা আলোকে এটা বিলাসী জীৱন কটাব পাৰিলেহেতেন, কিন্তু এনে নহ’ল। আলোক সাগৰে আই আই টিৰ চাকৰি এৰি গুছি গৈছিল মধ্যপ্ৰদেশ বেতুল জিলাৰ মৰুভূমি সদৃশ আদিবাসীলোকৰ বাসস্থান কৌছামাও গাঁৱলৈ। নিজৰ শৈক্ষিক সকলো ডিগ্ৰী গোপনে ৰাখি তেওঁ তাতে থাকিবলৈ ল’লে এটা জুপুৰীত। উচিত শিক্ষাৰ পৰা বঞ্চিত গাঁৱৰ ছাত্ৰ-ছাত্ৰীক আলোকে বিজ্ঞান পঢ়াবলৈ ল’লে আৰু লগতে আৰম্ভ কৰিলে গছ ৰোৱাৰ এক আন্দোলন।

আলোকে গাঁৱখনৰ বিভিন্ন স্থানত ৰোপন কৰিলে বহু প্ৰজাতিৰ গছ। ১৯৯০চনৰে পৰা সেই গাঁৱখনত আলোকে ৰুইছে প্ৰায় লক্ষাধিক ভিন্ন প্ৰজাতিৰ গছ। তেওঁ ৰুৱা ফলমূলৰ গছবোৰত এতিয়া ডাল ভৰি ফল ধৰে। উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনকো শিক্ষাদান কৰিছিল এই আলোক সাগৰে। ৯০ দশকত মৰুভূমিসদৃশ গাঁৱখন এতিয়া সকলোফালে সেউজীয়া। এই কৃতিত্ব নিশ্চিতভাৱে আলোক সাগৰেই পাব।

কিন্তু কোনোদিন নিজৰ পৰিচয় নিদি কেৱল সমাজ আৰু পৰিৱেশৰ বাবে কাম কৰি যোৱা আলোকক এবাৰ ধৰি নিছিল আৰক্ষীয়ে। অভিযোগ আছিল তেওঁ নক্সালবাদীৰ সৈতে সম্পৰ্ক আছে। কিন্তু তেওঁৰ সকলো চাৰ্টিফিকেট দেখি তবধ মানিলে আৰক্ষীয়েও। লাখটকাৰ চাকৰি এৰি অহা আলোকৰ সম্পত্তি বুলিবলৈ আছে দুটা কুকুৰ, এখন চাইকেল আৰু এটা ভঙা জুপুৰী। আলোক সাগৰে বিগত ৩০বছৰে মানুহক বুজাই দিলে যে, পৰিৱেশৰ বাবে কাম কৰাৰ প্ৰৱল ইচ্ছা থাকিলে কিদৰে মৰুভূমিতো গঢ় দিব পাৰি সেউজীয়া অৰণ্যৰ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme