1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:38 am

কৰ’না বাঢ়িছে, বিমান যাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব এইসমূহ নিয়ম

  • Update Time : Wednesday, June 8, 2022

ডিজিটেল ডেস্কঃ আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ দেশত দৈনিক বহুলোক আক্ৰান্ত হ’ব ধৰিছে কৰ’নাত৷ মহাৰাষ্ট্ৰ, দিল্লীত ভয়াৱহ হৈ পৰিছে সংক্ৰমণ৷ সংক্ৰমণ ৰোধৰ বাবে দেশত পুনৰ জাৰি কৰা হৈছে কেইটামান নতুন বাধ্যবাধকতা৷ ইতিমধ্যে বিমানবন্দৰসমূহলৈ আদালতে দিছে বিশেষ নিৰ্দেশনা৷ আদালতৰ নিৰ্দেশৰ পিছতেই বিমান বন্দৰসমূহত মাস্ক পিন্ধা বাধ্যতামূলক কৰা হৈছে৷

অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক শাখাই বুধবাৰে ঘোষণা কৰিছে এই কথা৷ যিসকল যাত্ৰীয়ে এই নিয়ম মানিবলৈ অস্বীকাৰ কৰে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দিয়া হৈছে নিৰ্দেশনা৷ নিৰ্দেশনাত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে কয় যে বিমানবন্দৰত সতৰ্কবাণী দিয়াৰ পিছতো যদি কোনো যাত্ৰীয়ে নিৰ্দেশনা পালন নকৰে তেন্তে প্ৰস্থানৰ আগতে তেওঁক ডি-বোৰ্ড কৰিব লাগে৷ লগতে বিমানত যাত্ৰা কৰাৰ সময়তো কভিড বিধি মনাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক শাখাই৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme