ডিজিটেল ডেস্কঃ টুইটাৰ নিকিনে এ’লন মাস্কে। শেহতীয়াকৈ এই কথা মুকলিকৈ ঘোষণা কৰি এলন মাস্কে কলে- টুইটাৰ সৈতে হোৱা সকলো চুক্তি মই ভংগ কৰিছো। ইয়াৰ লগে লগে এলন মাস্ক আৰু টুইটাৰত মাজত হোৱা ৪৪বিলিয়ন ডলাৰ চুক্তি ইমানতে ইতি পৰে।
আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চুক্তি অনুসৰি টুইটাৰে এলন মাস্কক ভুৱা একাউন্ট আৰু অন্যান্য কিছু বিসংগতিক লৈ সম্পূৰ্ণ তথ্য পাতি যোগান ধৰাৰ কথা আছিল। কিন্তু এইক্ষেত্ৰত বিফল হল টুইটাৰ কৰ্তৃপক্ষ। যাৰ বাবে এই চুক্তি ইমানতে শেষ বুলি ঘোষণা কৰে এলন মাস্কে।
ইফালে এলন মাস্কৰ এই কঠিন সিদ্ধান্তৰ পাছতে টুইটাৰত চেয়াৰমেন ব্ৰেট টায়লোয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চুক্তি অনুযায়ী আমি সকলোখিনি কাম পৰ্যায়ক্ৰমে কৰি আছো। মাস্কক দিয়া সকলো ব্যৱসায়ীক প্ৰতিশ্ৰুতি পূৰ কৰাত আমি প্ৰতিশ্ৰুতিৱদ্ধ। ব্যৱসায়িক দিশত লৈ খেলি-মেলিৰ সৃষ্টি হলে মাস্কৰ বিৰুদ্ধে আইনী যুঁজত নমাৰো হুংকাৰ দিছে টুইটাৰ কৰ্তৃপক্ষই।