1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 1:00 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

পৰীক্ষাত ফেইল কৰা ল’ৰাটোৱে আজি এবছৰত উপাৰ্জন কৰে ৩০০কোটি…

  • Update Time : Wednesday, March 9, 2022

ডিজিটেল ডেস্কঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে। কিন্তু আনুষ্ঠানিক শিক্ষাৰ মাৰ্কশ্বিট খনেই সকলো নহয়। তেনে বহু উদাহৰণ আছে। তেনে এগৰাকী লোক হৈছে অক্ষয় কুমাৰ। বলিউদৰ আগশাৰীৰ ৫ অভিনেতাৰ ভিতৰত সকলোৱে নাম লব অক্ষয় কুমাৰৰ। অভিনয়ৰ সমান্তৰালভাৱে সমাজসেৱাৰ ক্ষেত্ৰতো অক্ষয়ৰ নাম আছে। অলপতে যোৱা বছৰ কোন চেলিব্ৰেটিৰ কিমান আয় হ’ল তাৰ এখন তালিকা উলিয়াইছে Forbes মেগাজিনে ৷ এই তালিকাত বিশ্বৰ ১০০ জন চেলিব্ৰিটিৰ কথা উল্লেখ আছে ৷

ভাৰতৰ অক্ষয় কুমাৰৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে৷ তালিকাত অক্ষয় কুমাৰৰ স্থান ৫২ নম্বৰত ৷ Forbesৰ মতে অক্ষয় কুমাৰৰ যোৱা বছৰৰ আয় ৪৮.৫ মিলিয়ন ডলাৰ ৷ ১ ডলাৰত যদি ৭৭.৬ টকা ধৰা হয় তেন্তে যোৱা বছৰত তেওঁৰ মুঠ আয় প্ৰায় ৩৬৭ কোটি টকা৷  ইয়াৰে কেইবাকোটি টকা সমাজসেৱাৰ বাবে দান কৰিছে অক্ষয়ে।

এক বিশাল ব্যক্তিত্বৰ গৰাকী অক্ষয় কুমাৰ স্কুলীয়া জীৱনত এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত ফেইল কৰিছিল। মাৰ্কশ্বিট পিতৃ-মাতৃক নেদেখুৱাকৈ বহুদিন লুকুৱাই ৰাখিছিল অক্ষয়ে। এই কথা টুইটাৰত নিজেই প্ৰকাশ কৰিছে অক্ষয় কুমাৰে। এসময়ত স্কুলৰ পৰীক্ষাত ফেইল কৰা লৰাটো এতিয়া অভিনয় জগতৰ ধ্ৰুৱ তৰা। টুইটাৰত এই ঘটনা উল্লেখ কৰি অক্ষয়ে লিখিছে, বিফল হৈছো বহুবাৰ বহুক্ষেত্ৰত, কিন্তু সপোনৰ পিছ এৰা নাছিলো।

তেনে আন এগৰাকী অভিনেতা হৈছে বীৰ দাস। বলিউদৰ এখন জনপ্ৰিয় মুখ বীৰাদাস। বহুকেইখন ছবিৰ লগতে ৱেব চিৰিজত অভিনয় পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বীৰদাস ছাত্ৰ অৱস্থাত বৰ্ডৰ সকলো পৰীক্ষাত অতি কম নম্বৰ পাইছিল। মাৰ্কশ্বিট সেইসময়ত আনক দেখাবলৈ লাজ পোৱা বীৰদাস এতিয়া এগৰাকী সফল অভিনেতা।

কমেডি অভিনেতা হিচাপে সকলোৱে আদৰি লোৱা বীৰদাসে এতিয়াও কয় যে, তেওঁৰ পঢ়া-শুনা আছিল অতি বেয়া। কিন্তু তেওঁ সদায়ে এই কথালৈ লক্ষ্য কৰিছিল যে, তেওঁৰ কৰিব পৰা কি কাম আছে, যিকাম আনে কৰিব নোৱাৰে। এনেকৈয়ে আজি মায়ানগৰীৰ মুম্বাইৰ এটা চিনাকী নাম হৈ পৰিছে বীৰদাস।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme