1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

এমাহত দৰমহা পায় ১লাখ ২০হাজাৰ! তথাপিও বিধায়ক অখিল গগৈয়ে কিয় নিপিন্ধে জোতা…

  • Update Time : Tuesday, February 7, 2023

ডিজিটেল ডেস্কঃ অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক। জেলত থকা কালতে শিৱসাগৰৰ দৰে এটা সমষ্টিৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল অখিল গগৈ। অখিল গগৈৰ সাজ-পোছাকক লৈ পূৰ্বতেও বহু সমালোচনা-বিৰ্তক হৈছে যদিও বিধায়ক হোৱাৰ পাছতো সেই বিৰ্তক প্ৰায়ে বিধানসভাৰ বাহিৰে-ভিতৰে হৈয়ে আছে। এজন মানুহে কি পিন্ধি ভাল পায় আৰু কেনেকৈ কমফৰ্ট ফিল কৰে সেয়া নিজস্ব ব্যক্তিগত কথা যদিও কিছু পৰিস্থিতিত এনে কিছুমান কথাও প্ৰাংসগিক হৈ পৰে।

কিছুদিনৰ আগেয়ে অখিল গগৈ গৈছিল কাশ্মীৰলৈ। কাশ্মীৰত শীতৰ প্ৰকোপ কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মাইনাছত থকা প্ৰচণ্ড শীতৰ মাজতো অখিল গগৈয়ে স্বভাৱসুলভ ভাৱেই পিন্ধি থাকিল এজোৰ মোজা আৰু হাৱাই চেণ্ডেল। ইয়াকে লৈ নেটিজেন সকলৰ মাজত তীব্ৰ চৰ্চা চলিল। বহুতৰ মাজতে একাংশই কটাক্ষ কৰি কলে যে, এনে নাটক এগৰাকী বিধায়কে কৰিলে ভাল নালাগে। অন্তঃত ৩০০টকীয়া এজোৰ জোতা তেওঁ কিনিব পাৰে। অৱশ্যে এটা কথাও ঠিক যে, কিছু সংবাদমাধ্যমৰ আগত পূৰ্বতে অখিল গগৈয়ে জোতা কিয় পিন্ধিব নোৱাৰে তাৰ কাৰন ব্যাখা কৰি থৈছে।

এতিয়া কথা হল, বিধায়ক হিচাপে অখিল গগৈ আৰ্থিকভাৱে কিমান স্বচ্ছল। নতুন নিৰিখ মতে এজন বিধায়কে দৰমহা ৮০ হাজাৰ টকা, সমষ্টি ভাত্তা ২০ হাজাৰ, সংসদীয় ভাত্তা ১০ হাজাৰ আৰু কার্যালয় পৰিচালনা ভাত্তা দহ হাজাৰ টকা মুঠ ১.২০ লাখ টকালৈ অর্থাৎ অতিৰিক্ত ৪০ হাজাৰ টকা বৃদ্ধি কৰা হৈছিল। তাৰ পিছতো অখিল গগৈয়ে এযোৰ জোতা ইমান ঠাণ্ডাত কিয় নিপিন্ধে তাক লৈ চৰ্চা অব্যাহত আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme