1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

ডিজিটেল ডেস্কঃ পুনৰ জেললৈ যাব পাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কিয়নো কা’বিৰোধী আন্দোলনৰ ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল। ’নিয়া’ৰ আপিলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। এনে সময়তে বিধায়ক অখিল গগৈয়ে নিজা ফেচবুক পেইজত – পুনৰ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো- শীৰ্ষক এক লেখা লিখি প্ৰকাশ কৰিছে।

লেখাটোত তেওঁ লিখিছে- 

আমাৰ বিৰুদ্ধে ‘কা’বিৰোধী আন্দোলনৰ ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল।’নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল।
কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ। এতিয়া মই ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব।আগৰবাৰ ‘কা’বিৰোধী এই গোচৰত ১ বছৰ ৭ মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো।
আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলোঁ। আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ।
বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰো। তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো। দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰোঁ। জয় আই অসম। ইনকিলাব জিন্দাবাদ।।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme