1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:54 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

অখিল গগৈয়ে ক্ৰিকেট খেলিব নাজানে…

  • Update Time : Monday, March 13, 2023

ডিজিটেল ডেস্কঃ যোৱা ১২মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হৈ যায় অসম বিধানসভাৰ বিধায়কসকলৰ এখনি ক্ৰিকেট মেচ। শাসক-বিৰোধীৰ বিধায়কসকলে দুটা ভাগত ভাগ হৈ এই খেলখনিত অংশ লয়। মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছী বিধায়ক জাকিৰ হুচেইন চিকদাৰৰ লৈকে প্ৰায় সকলো বিধায়কে এই মেচখনিত উপস্থিত থাকে। কিন্তু এই খেলখনত উপস্থিত নাথাকিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। তাকে লৈ কেইবাজনো বিধায়কে কটাক্ষ কৰিলে অখিল গগৈক।

অখিল গগৈক খেলখনত উপস্থিত নথকাৰ বাবে কটাক্ষ কৰিলে বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে। কূৰ্মীয়ে কয়- অখিল গগৈ মেচখনলৈ নহাৰ দুটা কাৰন আছে। এটা হৈছে তেওঁ জোতা পিন্ধিব নাজানে আৰু দুই নম্বৰটো হৈছে তেওঁ ক্ৰিকেটেই নহয়, একো খেলেই ভালকৈ খেলিব নাজানে। সেয়েহে লাজত পৰাৰ ভয়ত তেওঁ খেলপথাৰলৈ নাহিল। ইফালে মন্ত্ৰী পীষুষ হাজৰিকাইও অখিল গগৈ খেল খনলৈ অহা হলে ভাল লাগিলহেতেন বুলি মন্তব্য কৰাৰ লগতে ক্ৰীড়াৰ সৈতে ৰাজনীতি নাথাকে বুলি মন্তব্য কৰে।

এতিয়া কি কাৰনত অখিল গগৈ উক্ত মেচখনত উপস্থিত থাকিব নোৱাৰিলে তাক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই বিধায়কগৰাকীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme